জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২০২৪ত লোকসভা নিৰ্বাচন৷ তাৰ পূৰ্বেই এইবাৰ মহিলা সংৰক্ষণক বিশেষ গুৰুত্ব দিছে নৰেন্দ্ৰ মোদী চৰকাৰে৷ মঙলবাৰে সংসদৰ বিশেষ অধিবেশনত এই বিল উত্থাপন কৰা হৈছে৷ মঙলবাৰে সংসদৰ বিশেষ অধিবেশনত এই বিল উত্থাপন কৰা হৈছে৷ অধিবেশনতেই পোনতে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে৷ ভাষণতেই বিল পাছ কৰাৰ ইংগিত প্ৰদান কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে৷ প্রধানমন্ত্ৰী মোদীয়ে ভাষণত কৈছিল, ‘এই অধিবেশনতেই এক ঐতিহাসিক সিদ্ধান্ত লোৱা হ’ব৷ সংসদত মহিলাৰ যোগদান বাঢ়িছে৷ এতিয়ালৈকে ৭হাজাৰ সাংসদৰ মাজত ৬০০ জনীয়েই মহিলা৷’

মোদীৰ এই বক্তব্যত সকলোৱে মহিলা সংৰক্ষণ বিল অনাৰ উমানো লাভ কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সোমবাৰে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল কেন্দ্ৰীয় প্ৰযুক্তি আৰু বাণিজ্যিক মন্ত্ৰী পিয়ুষ গোৱেল, খনিজ সম্পদ মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও বৈঠকত মিলিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ সেই বৈঠকত উপস্থিত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডাও৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত মহিলা সংৰক্ষণ বিলত ছিলমোহৰ দিয়াৰ কথা গম পায় কংগ্ৰেছৰ তৰফৰ পৰা ৰাহুল গান্ধীয়েও বিলখনক সমৰ্থন জনাইছে৷ বিগত কেইবা দশক ধৰি লোকসভা নিৰ্বাচনৰ পৰিসংখ্যালৈ লক্ষ্য ৰাখিলে দেখা যায় যে মহিলা ভোটদাতাৰ সংখ্যা বৃদ্ধি পাইছে৷ সেইবাবেই মহিলা ভোটবেংক গঢ়াৰ স্বাৰ্থতেই মোদীয়ে এই মহিলা সংৰক্ষণ বিলত অনুমোদন জনাইছে বুলি প্ৰকাশ কৰিছে বিৰোধীয়ে৷

কি আছে মহিলা সংৰক্ষণ বিলত?

এই বিল পাছ কৰিলে লোকসভা আৰু ৰাজ্যৰ বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষিত হ’ব৷ এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব মহিলাৰ বাবে৷ লোকসভাত মুঠ আসনৰ সংখ্যা ৫৪৩ খন৷ মহিলা সংৰক্ষণ বিল পাছ হ’লে মুঠ আসনৰ ১৮১ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব৷ ৰাজ্যসভাৰ ক্ষেত্ৰতো এই হিচাপ প্ৰযোজ্য৷ মহিলা সংৰক্ষণ বিল পাছৰ বাবে পূৰ্বেও চেষ্টা কৰা হৈছিল৷ মনমোহন সিং চৰকাৰৰ আমোলত ২০০৮ চনক মহিলাৰ বাবে আসন সংৰক্ষণ কৰিবলৈ সংবিধানৰ ১০৮তন সংশোধনী বিল অনা হৈছিল৷ ৰাজ্যসভাত সেই বিল পাছো হৈছিল৷ কংগ্ৰেছৰ ওপৰিও এই বিলৰ প্ৰতি বিজেপি আৰু বাম দলসমূহে সমৰ্থন জনাইছিল৷

কিন্তু তেতিয়া সেই বিলপ বিৰোধিতা কৰিছিল আৰ জে ডি আৰু সমাজবাদী পাৰ্টীয়ে৷ একাংশই বিৰোধীতা কৰাৰ বাবে সেইবাৰ লোকসভাত বিলখন পাছ কৰিব পৰা নগ’ল৷ কংগ্ৰেছ চৰকাৰৰ আমোলত মহিলা সংৰক্ষণ বিল অনাৰ পূৰ্ণ প্ৰচেষ্টা চলালেও সেইবাৰ বিফল হ’ল৷ সেইবাৰ তেওঁলোকে বিলত উল্লেখ কৰিছিল যে ১৫ বছৰৰ বাবে লোকসভা আৰু বিধানসভাৰ মহিলাৰ বাবে আসন সংৰক্ষিত হৈ থাকিব৷ এই বিলক লৈ আপত্তিৰ কাৰণ তেতিয়া পৃথক আছিল৷ মনমোহন সিং চৰকাৰৰ বিলত উল্লেখ আছিল জাতি-জনজাতিৰ বাবে সংৰক্ষিত আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব৷ অবিচি মহিলাসকলৰ বাবে সংৰক্ষণৰ বন্দোবস্ত সেই বিলত নাছিল৷

শেহতীয়াকৈ মঙলবাৰে মোদী চৰকাৰৰ বিলত অবিচি সংৰক্ষণ সংক্ৰান্তীয় পৰিবৰ্তনৰ কথা কোৱা হৈছে৷ কাৰণ লোকসভা নিৰ্বাচনৰ আগে আগে অবিচি ভোটবেংকৰ কথাও ভাৱিছে মোদী চৰকাৰে৷ অবিচিসকলৰ বাবে লোকসভা আৰু বিধানসভাত ২৫ শতাংশ আসন সংৰক্ষণ কৰাৰো বিল আনিব পাৰে মোদী চৰকাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *