ছেলফীয়েই হ’ল কাল! মাজ আকাশৰ পৰা সৰি পৰিল প্ৰেয়সী; ভিডিঅ’ ভাইৰেল

ছেলফীয়েই হ’ল কাল! মাজ আকাশৰ পৰা সৰি পৰিল প্ৰেয়সী; ভিডিঅ’ ভাইৰেল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি সততে আগ্ৰহী হোৱা দেখা যায় বহু লোকক। পেৰাছ্যুটত উঠি মেঘৰ মাজত উৰি ফুৰাৰ শিহৰণ বুজাব নোৱৰা। দু:সাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী লোকে জীৱনত এবাৰ হ’লেও পেৰাগ্লাইডিঙৰ আনন্দ ল’ব নিবিচৰা নহয়! সামাজিক মাধ্যমত প্ৰায়েই দেখা যায় পেৰাগ্লইডিঙৰ শিহৰণকাৰী ভিডিঅ’। তেনে এক পেৰাগ্লাইডিঙৰ ভয়ংকৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।


পেৰাছ্যুটত উঠি মেঘৰ মাজৰ মাদকতা লৈ আছিল এটি প্ৰেমিক যুগলে। আনন্দৰ মাজতে সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। মুহূৰ্ততে ভাইৰেল হৈ পৰে সেই ভিডিঅ’। মাজ আকাশৰ পৰা হঠাৎ সৰি পৰে প্ৰেমিকা। ছেলফী ল’বলৈ যাওতে সংঘটিত হয় এই ঘটনা। পেৰাছ্যুটৰ ছেফটি বেল্ট খুলি তললৈ সৰি পৰে যুৱতিগৰকী। এই শিহৰণকাৰী ভিডিঅ’ চাই হতবাক হৈ পৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী।Video link: https://twitter.com/i/status/1714354044465266943


ভিডিঅ’ত দেখা গৈছে পেৰাছ্যুটৰ সহায়ত এহাল যুৱক-যুৱতীয়ে আকশত উৰি ফুৰিছে। তেনেতে যুৱকজনে ছেলফী ল’বলৈ চেষ্টা কৰোতে পেৰছ্যুটৰ ছেফটি বেল্ট খুলি যুৱতিগৰাকী তললৈ ওলাই পৰে। সামাজিক মাধ্যম ‘এক্স’ত শ্বেয়াৰ হৈছে এই ভিডিঅ’। বুকু কঁপাই তোলা এই ভিডিঅ’ প্ৰত্যক্ষ কৰি বহু লোকে প্ৰতিক্ৰিয়াও ব্যক্ত কৰে। যুৱতিগৰাকীৰ পৰৱৰ্তী পৰিস্থিতিৰ কোনো তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *