চোৰে লিখিছেঃ I love you, মই চোৰ, শিষ্টাচাৰ জনা চোৰক বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান

চোৰে লিখিছেঃ I love you, মই চোৰ, শিষ্টাচাৰ জনা চোৰক বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, লোকেল খবৰঃ চোৰেও শিষ্টাচাৰ জানে। মঙলদৈৰ পাছতেই এইবাৰ পুনৰাবৃত্তি ঘটিল কামৰূপ–দৰঙৰ সীমামূৰীয়া লেঙা কুৰুৱাত। চোৰে চুৰিকাৰ্য সমাপন কৰি গৃহস্থক উদ্দেশ্যি দি গ’ল বিশেষ বাৰ্তা। বৃহস্পতিবাৰে নিশা চুৰি কাৰ্য সমাপন কৰি চোৰে বোৰ্ডত লিখি থৈ গ’ল বিশেষ বাৰ্তা।

লেঙা কুৰুৱা আদৰ্শ হাইস্কুলত চোৰে লুটি লৈ গ’ল বিদ্যালয়খনৰ কেইলাখ টকাৰ মূল্যৱান সামগ্ৰী। এই সামগ্ৰীৰ তালিকাত আছে ১১খন চিলিং ফেন, ৪টা কম্পিউটাৰ, ৪টা পানী মটৰ, ১.৫ লাখ টকাৰ বাচন–বৰ্তন, ২টা ফিল্টাৰ, ২টা গেছ চিলিণ্ডাৰ, খেলৰ সামগ্ৰী, হাৰমনিয়াম, তবলা, মূল্যৱান চকী। ইয়াৰোপৰি বিদ্যালয়খনত থকা কুৰুৱা ৰাস মহোৎসৱৰ সকলো সামগ্ৰী চুৰ কৰে চোৰে।

চুৰি কাৰ্য সংঘটিত কৰি চোৰে বিদ্যালয়ৰ বোৰ্ডত লিখিলে,’I love you, মই চোৰ।’ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি উঠি চোৰে লিখি থৈ যোৱা বাৰ্তা ভাইৰেল হৈ পৰিছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *