চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড থিতাতে নিহত ৩৮ জন, আহত দুজন

চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড থিতাতে নিহত ৩৮ জন, আহত দুজন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: সোমবাৰে মধ্য চীনৰ হেনান প্ৰদেশৰ এটা কাপোৰ নিৰ্মাণ কাৰখানাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত কমেও ৩৮ জন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত হয়।

হেনান প্ৰদেশৰ আনয়াং চহৰৰ ৱেনফেং জিলাত সংঘটিত হয় এই অগ্নিকাণ্ডটো। এটা কাপোৰ নিৰ্মাণ কাৰখানাত সংঘটিত অগ্নিকাণ্ডটো ইমানেই বৃহৎ আছিল যে জুই নুমাবলৈ অগ্নিনিৰ্বাপক বাহিনীক চাৰি ঘণ্টাতকৈও অধিক সময় লাগিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে সোমবাৰে নিশা প্ৰায় ১১ বজাৰ পৰা জুই নুমাবলৈ চেষ্টা কৰি আছিল৷ জুই নিয়ন্ত্ৰণ কৰিবলৈ ৬৩ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু ২৪০ জন কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল৷

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ৱেল্ডিঙৰ কাম কৰি থকাৰ সময়ত জু্ইৰ ফিৰিঙতি চিটিকি পৰিছিল কাষত থকা কাপোৰত৷ যাৰ ফলত অতি কম সময়তে জুইৰ প্ৰকোপ বাঢ়ি গৈছিল আৰু গোটেই কাৰখানাটোতেই বিয়পি পৰিছিল৷ এই অগ্নিকাণ্ডত ৩৮ জন লোক নিহত হয় আৰু দুজন লোক সন্ধানহীন হৈছিল৷ কিন্তু অৱশেষত দুয়োজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী প্ৰশাসন৷ উদ্ধাৰ কৰিয়েই আহত লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

চীনত এই অগ্নিকাণ্ডই প্ৰথম ঘটনা নহয়, ইয়াৰ আগতেও বহুবাৰ বিভিন্ন ঔদ্যোগিক অনুষ্ঠানত অগ্নিকাণ্ড সংঘটিত হৈছিল৷ স্থানীয় লোকে কাৰখানা কৰ্তৃপক্ষক নিয়ম অনুসৰি কাম নকৰা আৰু স্বাস্থ্য নিৰ্দেশনাক অৱহেলা কৰি কাম কৰা বুলি দোষাৰোপ কৰে৷

আনহাতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে অগ্নিকাণ্ডত আহত দুজনৰ চিকিৎসাৰ বাবে যাৱতীয় প্ৰচেষ্টা চলাই থকা বুলি প্ৰকাশ কৰে চীনৰ সংবাদ মাধ্যমে৷ ঘটনাটোত জড়িত দোষীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে জি জিনপিঙে৷ আৰক্ষীয়ে তদন্তৰ বাবে কিছুমান সন্দেহজনক লোকক আটক কৰিছে।

২০১৫ চনৰ আগষ্টত হোৱা গুদাম বিস্ফোৰণৰ সাক্ষী হৈছিল চীনবাসী৷ তিয়ানজিন বন্দৰৰ এটা গুদামত বিস্ফোৰণৰ ফলত ১৭০ জনৰো অধিক লোক নিহত হৈছিল আৰু আহত হৈছিল প্ৰায় ৭০০ জন কৰ্মচাৰী৷ গুদামটোত বৃহৎ পৰিমাণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ সংৰক্ষণ কৰা হৈছিল, কিছু কাৰিকৰী বিজুতিৰ ফলত বিস্ফোৰণ সংঘটিত হৈছিল গুদামঘৰটোত৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *