চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ‘টেছলা ইণ্ডিয়াই মটৰ এণ্ড এনাৰ্জি প্ৰাইভেট লিমিটেড’ নামত এটা বিশেষ কাৰ্যালয় আৰম্ভ কৰিছে উদ্যোগপতি এলন মাস্কে৷ ভাৰতৰ মাটিত প্ৰথমটো টেছলাৰ কাৰ্যালয় আৰম্ভ কৰিবলৈ আগবাঢ়িছে মাস্কে৷ ভাৰতত বাহন উৎপাদন কৰাৰ পৰিকল্পনাৰ কথা কিছুদিন পূৰ্বেই জনাইছিল সংস্থাটোৱে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিষয়টোক আলোচনাতো বহিছিল টেছলাৰ চিইঅ’ এলন মাস্কে৷ সূত্ৰৰ খবৰ অনসৰি সকলো যাৱতীয় কাম সম্পন্ন হৈছে৷ দিল্লী, মুম্বাই, বাংগালুৰুত কাৰ্যালয় খুলিব বুলি ওলোৱা খবৰ মিছা৷ টেছলাৰ প্রধান কাৰ্যালয় হ’ব মহাৰাষ্ট্ৰৰ পুনেত৷ পুনেত বিশেষ এটা ঘৰ ৬০ মাহৰ বাবে লীজত লৈছে টেছলাই৷ প্ৰতি মাহত এই কাৰ্যালয়ৰ বাবদ ১১.৬৫ লাখ টকা ভাড়া পৰিশোধ কৰিব টেছলাৰ চিইঅ মাস্কে৷ কাৰ্যালয়টো ৫, ৮৫০ স্কোৱাৰ ফুটৰ৷ পুনেৰ পঞ্চশীল বিজনেছ পাৰ্কৰ নিচেই কাষতেই হ’ব এই কাৰ্যালয়৷

উল্লেখ্য যে, এছিয়াৰ মহাদেশৰ ভিতৰত কেৱল চীনতেই আছে টেছলাৰ সকলোতকৈ বৃহৎ কাৰখানা৷ এইবাৰ ভাৰততো এই সংস্থাই নিজা কাৰখানা খোলাৰ পৰিকল্পনা কৰিছে৷ চীনৰ বিকল্প হিচাপে ভাৰতত কেৱল কাৰখানাই তৈয়াৰ কৰিব তেনে নহয়, দেশত এই বাহন বিক্ৰিৰো পৰিকল্পনা কৰিছে টেছলাই৷ ইয়াৰ পৰাই এছিয়াৰ একাধিক দেশলৈ গাড়ী বিক্ৰিৰ বাবেও পঠিওৱাৰ দিহা কৰিছে টেছলাৰ মালিকে৷ টেছলাৰ বাহনত চীনৰেই আধিপত্য বেছি৷ সম্প্ৰতি ভাৰততো এই কাৰখানা গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবা লানি বৈঠকো অনুষ্ঠিত কৰিছে মাস্কে৷

টেছলাৰ বাহন তৈয়াৰৰ কাৰখানাৰ যাৱতীয় কাম চম্ভালিবলৈ পুনেত বিশেষ কাৰ্যালয়টো গঢ়ি তুলিছে মাস্কে৷ সূত্ৰৰ খবৰ অনুসৰি এই কাৰ্যালয়ৰ বাবে ৩৪.৯৫ লাখ টকা চিকিউৰিটি ডিপোজিট দিছে টেছলাৰ চিইঅই৷ কাৰ্যালয়ত ৫খন বাহন আৰু ১০খন মটৰচাইকেল পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে৷ পুনে আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত এই কাৰ্যালয়৷ ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৰেণ্টেল পেমেণ্ট প্ৰক্ৰিয়া৷ কাৰ্যালয় আৰম্ভ হোৱাৰ পাছতেই কাৰখানাৰ কামো আৰম্ভ হ’ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷

একাধিক ৰাষ্ট্ৰীয় সংবাদমাধ্যমে দাবী কৰামতে, ভাৰতত শীঘ্ৰেই কাৰখানাৰ কাম আৰম্ভ হ’ব৷ টেছলাই তৈয়াৰ কৰা এই বাহনৰ দাম ভাৰতত ২০ লাখৰ পৰা আৰম্ভ হ’ব৷ ইমান কম দামত টেছলাৰ বাহন পোনপ্ৰথমে ভাৰততেই মুকলি কৰা হ’ব৷ বৰ্তমান এই সংস্থাৰ সকলোতকৈ কমদামী বাহনখনৰ দামেই হৈছে ৩২লাখ টকা৷ বৈদ্যুতিক বাহনৰ বিক্ৰিৰ নিৰিখত মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতেই শীৰ্ষস্থানত আছে টেছলা৷ ভাৰতত টেছলাই মুকলি দিবলগীয়া গাড়ী দুখন হৈছে Model S আৰু Model 3।
ইয়াৰমাজতে টেছলাৰ Model 3 লঞ্চ হৈছিল ২০১৭ চনত৷ এই বাহনখনেই সংস্থাটোৰ সকলোতকৈ কম দামী গাড়ী৷ ফুল চাৰ্জ দিলে বাহনখনে ৩৫০ কিঃমিঃ অতিক্ৰম কৰিব পাৰে৷ এই বাহনখনৰ ভিতৰত থকা বিশেষ সুবিধা হৈছে এই বাহনৰ ভিতৰতেই খেলিব পাৰিব গেম, গ্লাছ ৰুফ, ৱায়াৰলেছ কানেক্টিভিটি আৰু ৫ষ্টাৰ চেফ্টি ৰেটিং৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *