গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?

গুটখা খাই খেল চাম ভৱাসকলৰ বাবে সতৰ্কবাণী! গুটখা প্ৰেমীক কি কৰিছে আহমেদাবাদ আৰক্ষীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভাৰত পাকিস্তান মেচক লৈ আহমেদাবাদ আৰক্ষীৰ সন্মুখত এতিয়া একাধিক চেলেঞ্জ। হাইভল্টেজ মেচত নিৰাপত্তাৰ দিশটো যেনেকৈ চেলেঞ্জ তেনেকৈ ক্ৰিকেট অনুৰাগীসকলক চম্ভালি ৰখাটোও এটা ডাঙৰ চেলেঞ্জ। আহমেদাবাদত পাক-ভাৰত মেচৰ বাবেই মোতায়েন কৰা হৈছে ৬হাজাৰ আৰক্ষীসহ মুঠ ১১ হাজাৰ নিৰাপত্তাকৰ্মী। মোতায়েন কৰা হৈছে NSG কৰ্মী। এই কঠিন পৰিস্থিতিৰ মাজত এইবাৰ আৰক্ষীৰ সন্মুখত আন এক ডাঙৰ চেলেঞ্জ হৈছে গুটকা। ভাৰতৰ একাধিক ষ্টেডিয়ামত দেখা গৈছে মেচৰ সময়ত গুটখা খাই একাংশই পিকাই লেতেৰা কৰা। দৰ্শকে মুখভৰ্তী গুটখা হৈ ষ্টেডিয়ামত প্ৰৱেশ কৰি সমগ্ৰ পৰিবেশেই লেতেৰা কৰি পেলায়। এইবাৰ ভাৰত পাকিস্তান মেচত গুজৰাট ক্ৰিকেট এছোচিয়েছনে অনুৰাগীক পান পছালা গুটখা খোৱা সম্পূৰ্ণ নিষেধ কৰিছে। নিৰাপত্তাৰ ওপৰিও পকেটৰ পৰা গুটখা চেকিঙৰো দায়িত্ব দিয়া হৈছে আয়োজকক।

পাণৰ পিকৰ বাবে বাথৰুমৰ পাইপ বন্ধ হৈ যায়। যাৰফলত বাথৰুমৰ পানী বাহিৰলৈ ওলাই যাব নোৱাৰে। পৰিষ্কাৰৰ বাবেই আকৌ এটা পৃথক বাজেট ল’ব লগা হয় ক্ৰিকেট এছোচিয়েছনে। গুজৰাট ৰাজ্য চৰকাৰে বিগত বৰ্ষত গুটখা বন্ধৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু বাধা নিষেধ থকা স্বত্বেও আহমেদাবাদৰ প্ৰায়সমূহ দোকানতেই গুটখা বিক্ৰি হয়। এইবাৰ ক্ৰিকেট চাবলৈ গুজৰাটলৈ বাহিৰৰ পৰাও বহুসংখ্যক দৰ্শক আহিছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লৈছে গুজৰাট চৰকাৰে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যা ১ লাখ ৩০ হাজাৰ। ভাৰত-পাক মেচৰ বাবে ইতিমধ্যে দৰ্শক প্ৰায় ভৰ্তি হৈ পৰিছে ষ্টেডিয়ামত। ইয়াৰমাজতেই যদি ৫০% দৰ্শকেও যদি গুটখা পাণ মছলা আদি খাই তেন্তে ষ্টেডিয়াম লেতেৰা হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *