গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ক্রমাৎ আকৰ্ষণীয় হৈ উঠিছে গুজৰাটৰ নিৰ্বাচন৷ ৫ আৰু ৮ ডিচেম্বৰত দুটা পৰ্যায়ত হ’বলগীয়া এই নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীৰ প্রৱেশৰ লগে লগে হাইভল্টেজ যুদ্ধলৈ পৰিণত হৈছে গুজৰাটৰ নিৰ্বাচন৷ দীৰ্ঘদিন ধৰি ৰাজ্যখনত শাসন চলি আহিছে ভাৰতীয় জনতা পাৰ্টীৰ৷ প্রতিষ্ঠান-অধিষ্ঠান বিৰোধী ঢৌৰ সুযোগৰ অপেক্ষাত কংগ্রেছ আৰু আম আদমী পাৰ্টী৷

ভাৰতৰ প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিজা ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ বিপৰ্যয় হ’লেই ’২৪ৰ লোকসভাত প্রত্যক্ষভাৱে প্রভাৱ পৰিব গুজৰাট বিধানসভাৰ ফলাফলৰ৷ সেয়ে এই নিৰ্বাচন ছেমি ফাইনেল হৈ থকা নাই৷ ফাইনেলৰ পেজটিছ ইছ্যু হৈ উঠিছে মোদী আৰু অমিত শ্বাহৰ বাবে৷ কিন্তু কংগ্রেছ অথবা আপক ভেটিবলৈ মোদী-অমিত শ্বাহৰ যেন গুজৰাটত প্রয়োজন নাই৷ পাতিদাৰ আন্দোলনেৰে লাইম লাইটলৈ অহা হাৰ্দিক পেটেলেই এতিয়া অকলেই থানবান তুলি দিব পাৰে বিৰোধীক৷

কংগ্রেছৰ পৰা বিজেপিলৈ অহাৰ পাছৰে পৰা যুৱ নেতাজনে দুৰন্ত গতিত কাম কৰি গৈছে ভাৰতীয় জনতা পাৰ্টীৰ বাবে৷ পেটেল সম্প্রদায়ৰ শক্তিশালী যুৱ নেতা হাৰ্দিকে পোনপটীয়াভাৱে কংগ্রেছ আৰু আপক গুজৰাটৰ সভ্যতা, সংস্কৃতিৰ শত্ৰু বুলি অভিহিত কৰিছে৷ কংগ্রেছে পদে পদে গুজৰাটী লোকৰ বিৰোধিতা কৰাৰ বাবে হাৰ্দিকে কংগ্রেছ ত্যাগ কৰা বুলি মন্তব্য কৰে৷ ইফালে বিৰোধীয়ে নিৰ্বাচনত বিজুলী ফ্ৰী দিয়াৰ যি প্রতিশ্রুতি দিছে, তাকো কটাক্ষ কৰে হাৰ্দিকে৷

প্রতিঘৰতে সৌৰ পেনেল থকাৰ পাছত বিজুলী ফ্রীৰ প্রতিশ্রুতি হাস্যকৰ৷ ৭ কোটি গুজৰাটীয়ে না আপক পছন্দ কৰে, না কংগ্রেছক পছন্দ কৰে৷ এনেদৰে গুজৰাটৰ নিৰ্বাচনত এসময়ৰ ৰাহুল গান্ধীৰ গুজৰাটত লেফটেণ্ট স্বৰূপে কাম কৰা হাৰ্দিকে এতিয়া ৰাহুল আৰু কেজৰিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ হৈ বজাইছে ৰণডংকা৷ উল্লেখ্য যে এইবাৰ নিৰ্বাচনত বিড়মগ্রামৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে হাৰ্দিকে পেটেলে৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *