গুগলে সলনি কৰিছে কেইবাটাও নিয়ম, নাজানিলে বিপদত পৰিব আপুনি…

গুগলে সলনি কৰিছে কেইবাটাও নিয়ম, নাজানিলে বিপদত পৰিব আপুনি…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: নৱবৰ্ষলৈ মাজত মাথোঁ কেইটামান দিন। আৰু ৯ টা দিনৰ পিছতেই আকৌ আৰম্ভ হ’ব এটা নতুন বছৰৰ । পিছে ১ জানুৱাৰীৰ পৰা দেশত সলনি হ’ব কেইবাটাও নিয়ম। বন্ধ হৈ পৰিব কেইবাটাও সেৱা। আপুনি আজিয়েই জানি লওক, কি কি ক্ষেত্ৰত সলনি হ’ব এই নিয়মসমূহ।

বৰ্তমান ইণ্টাৰনেটৰ যুগ। ইণ্টাৰনেট অবিহনে জীৱন অকল্পনীয়। পিছে ১ জানুৱাৰীৰ পৰা সলনি হব কেইবাটাও নিয়ম। গুগল আৰু অনলাইন লেনদেন কৰা লোকসকলে এই বিষয়ে অৱগত নহলে অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত।

লেপটপত নচলিব গুগল ক্ৰ’ম

গুগলে জানিব দিয়া মতে, WINDOWS.7 আৰু WINDOWS.8ত জানুৱাৰীৰ পৰা খোল নাখাব ক্ৰ’ম ব্ৰাউজাৰ। ইতিমধ্যে গুগলে ঘোষণ কৰিছে এই কথা। যাৰ ফলত আপুনিও ১ জানুৱাৰী ২০২৩ ৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব গুগল ক্ৰ’ম। যাৰ বাবে অসুবিধাত পৰিব পাৰে আপুনি।

কাৰ্ডৰ দ্বাৰা ধনৰ লেনদেনৰ বাবে কাৰ্ড নম্বৰ আৰু কাৰ্ডৰ ম্যাদ উকলি যোৱা তাৰিখ প্ৰবিষ্ট কৰিব লাগিব।
১জানুৱাৰী, ২০২৩ৰ পৰা, গুগলে কাৰ্ড নম্বৰ আৰু ম্যাদ উকলি যোৱা তাৰিখৰ বিৱৰণ সংৰক্ষণ নকৰিব। এনে পৰিস্থিতিত, ১ জানুৱাৰীৰ পিছত, অনলাইন পৰিশোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপুনি কাৰ্ড নম্বৰৰ সৈতে কাৰ্ডৰ ম্যাদ উকলি যোৱা তাৰিখটো মনত ৰাখিব লাগিব। দৰাচলতে, এইটো আৰ.বি.আই.-ৰ নিৰ্দেশনাৱলীৰ অধীনত কৰা হৈছে, যাতে অনলাইনেৰে ধন পৰিশোধ ব্যৱস্থা আগতকৈ অধিক সুৰক্ষিত কৰিব পাৰি।

গুগলৰ ষ্টেডিয়া গেমিং সেৱা বন্ধ হ’ব। গুগলে ইয়াৰ ক্লাউড গেমিং সেৱা ‘ষ্টেডিয়া’ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে। ১৮ জানুৱাৰী ২০২৩ লৈকে এই সেৱা খেলুৱৈসকলৰ বাবে লাইভ হ’ব। গুগলে ‘গুগল ষ্টোৰ’ৰ জৰিয়তে ক্ৰয় কৰা সকলো ষ্টেডিয়া হাৰ্ডৱেৰ ঘূৰাই দিব, লগতে ষ্টেডিয়া ষ্টোৰৰ পৰা ক্ৰয় কৰা সকলো গেম আৰু এড-অন সমল ঘূৰাই দিব। গুগলৰ এই সিদ্ধান্তই গেম খেলুৱৈসকলক যথেষ্ঠ নিৰাশ কৰিছে। অৱশ্যে গুগলৰ পৰা জানিব দিয়া মতে, ষ্টেডিয়া গেমসমূহৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবেই এই সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানটোয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *