খেল মহাৰণঃ আৰম্ভ হ’ল অসমৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা

খেল মহাৰণঃ আৰম্ভ হ’ল অসমৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা

খেল মহাৰণ
খেল মহাৰণ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আৰম্ভ হ’ল অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণ। অসম চৰকাৰে ৰাজ্যখনৰ গাঁৱে-ভূঞে সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহ বিকাশৰ উদ্দেশ্য আগত ৰাখি “খেল মহাৰণ” ২০২৩-২৪ নামেৰে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা আৰম্ভ কৰিছে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে অসম খেল মহাৰণ। ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ চলিব খেল মহাৰণ।
১৫ নৱেম্বৰলৈ চলিবলগা এই প্ৰতিযোগিতাত ফুটবল, এথলেটিকছ, ভলীবল, কাবাডী আৰু খো খো খেল অনুষ্ঠিত হ’ব। এথলেটিকছ শাখাত থাকিব ১০০, ২০০, ৪০০ আৰু ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতা। ৪১,৭১,০৭৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৰাজ্যৰ এই সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত। ১৯ অনুৰ্ধ পুৰুষ, ১৯ অনুৰ্ধ মহিলা, ১৯ উৰ্ধ পুৰুষ আৰু ১৯ উৰ্ধ মহিলাৰ চাৰিটা শাখাত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাসমূহ।
বুধবাৰে ৰাজ্যজুৰি আৰম্ভ হয় খেল মহাৰণৰ কাৰ্যসূচী। বঙাইগাঁৱৰ বীৰঝৰা খেলপথাৰত বঙাইগাঁও পৌৰসভা পৰ্যায়ৰ অসম খেল মহাৰণৰ শুভাৰম্ভ কৰে বিধায়ক ফণী ভূষণ চৌধুৰীয়ে। ধেমাজিৰ জোনাই গান্ধী ময়দানত পুৱাৰ পৰা আৰম্ভ হয় খেল মহাৰণ। বিধায়ক ভূৱন পেগুয়ে শুভ উদ্বোধন কৰে খেল মহাৰণৰ কাৰ্যসূচী। এই কাৰ্যসূচীত জোনাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় তিনি হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰিছে।
গহপুৰৰ সোলেঙী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে খেল মহাৰণত অংশগ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যৰ লগতে মৰিয়নিতো আজিৰ পৰা আৰম্ভ হৈছে খেল মহাৰণ। মৰিয়নি সমষ্টিৰ কঠালগুৰি চাহ বাগিচাৰ খেল পথাৰত কেন্দ্ৰীয়ভাবে খেল মহাৰণৰ শুভ উদ্ধোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
গ্ৰামাঞ্চলত সুপ্ত হৈ থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্যৰে আৰম্ভ কৰা পঞ্চায়ত পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতাত বিজয়ী খেলুৱৈয়ে বিধানসভা পৰ্যায়ৰ খেল মহাৰণত অংশগ্ৰহণ কৰিব পাৰিব। ২৭ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব বিধানসভা পৰ্যায়ৰ খেল মহাৰণ। ইয়াৰ পাছত ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব জিলা পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা। পৰৱৰ্তী সময়ত ২০২৪ বৰ্ষৰ ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *