‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অভিনয় আৰু মোটা ধনৰ বিনিময়ত চাকৰিৰ প্ৰস্তাৱ কেতিয়াবাই লাভ কৰিছে। এইবাৰ কিন্তু কথা বেলেগ। সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হৈছে ছবি। পাক বোৱাৰী সীমা হাইদৰ আৰু তেওঁৰ প্ৰেমিক শচীন মীনাৰৰ প্ৰেমকাহিনীৰ ওপৰত আধাৰিত ছবিৰ নামো ইতিমধ্যে ঠিক কৰা হৈছে। ছবিৰ নাম দিয়া হৈছে ‘কৰাচি টু নয়ডা’। প্ৰকাশিত প্ৰতিবেদন অনুসৰি সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছ, ‘জানি ফায়াৰফক্স’ প্ৰডাকশ্বনৰ মেনেজিং ডাইৰেক্টৰ অমিত জানিয়ে।

এইগৰাকী প্ৰযোজকেই সীমাক তেওঁৰ এখন ছবিত ভাৰতীয় গুপ্তচৰ ‘ৰ’ এজেণ্টৰ ভূমিকাত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিছিল। আনকি সীমাৰ অডিশ্ব্যনো লৈছিল প্ৰযোজকজনে। কিন্তু সীমাই এই ছবিখনত এতিয়াই অভিনয় কৰিবলৈ অনিশ্চুক। তেওঁক উত্তৰ প্ৰদেশ আৰক্ষীয়ে ক্লিনচিট দিলেহে অভিনয় কৰিব বুলিও প্ৰযোজকক জনায়।

শেহতীয়াভাৱে ভাইৰেল খবৰ অনুসৰি সীমা-শচীনৰ প্ৰেমকাহিনীক লৈ ‘কৰাচি টু নয়ডা’ নামৰ এখন ছবিৰ কাম প্ৰযোজকগৰাকীয়ে আৰম্ভ কৰিছে। অৱশ্যে বিষয়টোক লৈ সীমা বা শচীনে কোনোধৰণৰ প্ৰতিক্ৰিয়া দাঙি ধৰা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ছবিখনৰ থিম ছং আগন্তুক সপ্তাহত মুক্তি পাব। পাকিস্তানৰ পাৰ নেপাল হৈ গ্ৰেটাৰ নয়ডাৰ ৰবুপুৰা অহাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছিল সীমাক। গ্ৰেপ্তাৰ হৈছিল প্ৰেমিক শচীন আৰু তেওঁৰ পিতৃ নেত্ৰপালো। কিন্তু আটাইকেইজনেই জামিনত মুক্তি লাভ কৰিছে। জামিনত মুক্তি লাভ কৰিলেও সীমা-শচীনক এতিয়াও গৃহবন্দী কৰিয়েই ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *