‘কোহলী ভুৱা আৰু ধোনী…’ আৰু কি কি ক’লে ছোৱেইব আখতাৰে?

‘কোহলী ভুৱা আৰু ধোনী…’ আৰু কি কি ক’লে ছোৱেইব আখতাৰে?

ছোৱেইব
ছোৱেইব
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

৮-০। এদিনীয়া বিশ্বকাপত ভাৰতৰ সৈতে আঠবাৰ মুখামুখি হৈ এবাৰো বিজয়ৰ সোৱাদ ল’বলৈ সক্ষম হোৱা নাই চিৰবৈৰী পাকিস্তান। এইবাৰ বিশ্বকাপতো ভাৰতৰ সমুখত যেন অসহায় হৈ পৰে বাবৰ আজমৰ দল। বেটিং-বলিং উভয়তে ধৰাসায়ী হয় পাকিস্তান। কিন্তু সেহতীয়াকৈ আন এক বিষয়ত চৰ্চালৈ আহিছে পাকিস্তানৰ প্ৰাক্তন তাৰকা বলাৰ ছোৱেইব আখতাৰ। বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে মন্তব্য কৰে আখতাৰে।

বিশ্বকাপ বিষয়ক এক অনুষ্ঠানত বিৰাট কোহলীৰ প্ৰসংগ উত্থাপিত হয়। অনুষ্ঠানটোত অতিথিৰ আসনত আছিল ৰাৱালপিণ্ডি এক্সপ্ৰেছ খ্যাত পাকিস্তনী ক্ৰিকেটাৰ ছোৱেইব আখতাৰ। অনুষ্ঠানৰ এংকৰে আখতাৰক বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে বলিং কৰা সন্দৰ্ভত এক ধেমেলীয় প্ৰশ্ন কৰে। কোহলীয়ে আহতাৰৰ তীব্ৰবেগী বলিঙৰ অভিলেখ ভংগ কৰিব নেকি বুলি সোধা হয় আখতাৰক। এই প্ৰশ্নৰ উত্তৰত আখতাৰে হাঁহি মাৰি কয় যে কোহলীয়ে যিটো একশ্যনত বলিং কৰে সেয়া বলাৰৰ একশ্যনেই নহয়। সেয়া এক ভুৱা একশ্যন বুলি অভিহিত কৰে আখতাৰে। লগতে তেনেকুৱা একশ্যনত বলিং নকৰিবলৈও পৰামৰ্শ আগবঢ়ায় প্ৰাক্তন পেচাৰগৰাকীয়ে।

কোহলীৰ বেটিঙৰ প্ৰশংসা কৰি আখতাৰে কয় যে কোহলীৰ বলিঙে তেওঁক কোনোকালে প্ৰভাৱিত কৰিব পৰা নাই। কিন্তু ধোনীৰ ক্ষেত্ৰত আখতাৰৰ মত ভিন্ন। ধোনীয়ে অলপ-অচৰপ বলিং কৰিব পাৰে বুলি স্বীকাৰে ছোৱেইবে। ধোনীয়ে এবাৰ উইকেট লোৱাৰ কথাও দোহাৰে ছোৱেইব আখতাৰে।

উল্লেখ্য যে, ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপৰ মেচত বলাৰৰ ৰূপত দেখা পোৱা গৈছিল বিৰাট কোহলীক। এটা অভাৰৰ তৃতীয়টো বল কৰি আঘাতপ্ৰাপ্ত হৈছিল হাৰ্দিক পাণ্ডিয়া। অভাৰটোৰ পৰৱৰ্তী তিনিটা বল কৰে বিৰাট কোহলীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *