কাৰাগাৰতেই জীৱনৰ শেষ সময়লৈ কটাব লাগিব ড’নাল্ড ট্ৰাম্পে! ৩৬ টাকৈ ফৌজাদাৰী অপৰাধৰ গোচৰত ট্ৰাম্পক দিয়া হ’ব ১৩৬ বছৰ জে’ল

কাৰাগাৰতেই জীৱনৰ শেষ সময়লৈ কটাব লাগিব ড’নাল্ড ট্ৰাম্পে! ৩৬ টাকৈ ফৌজাদাৰী অপৰাধৰ গোচৰত ট্ৰাম্পক দিয়া হ’ব ১৩৬ বছৰ জে’ল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, বিশ্ব বতৰাঃ শাৰীৰিক সম্পৰ্ক গঢ়া বিষয়টোক লৈ মুখ নুখুলিবৰ বাবে পৰ্ণষ্টাৰক ধন দিয়াৰ অপৰাধত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আৰক্ষীয়ে জেৰা চলোৱা বিষয়টো সমগ্ৰতে চৰ্চা লাভ কৰিছে৷ আমেৰিকাৰ আইন অনুসৰি এনে কেছত দোষী সাব্যস্ত হ’লে ১৩৬ বছৰ জে’ল হ’ব পাৰে৷ মঙলবাৰে ভাৰতীয় সময় নিশা ১২ বজাত নিউৱৰ্কৰ মেনহাটন আদালতত আত্মসমৰ্পন কৰিছে ট্ৰাম্পে৷

আত্মসমৰ্পণৰ পূৰ্বেই বিচাৰক হুয়ান মাৰচেনৰ নিৰ্দেশ মানি ট্ৰাম্পক জিম্মাত লৈছিল আৰক্ষীয়ে৷ পৰ্ণ তাৰকা ষ্টাৰ্মীক ১ লাখ ৩০ হাজাৰ ডলাৰ ধন দিয়াৰ অপৰাধতেই আৰক্ষীয়ে জিম্মাত লৈছিল ট্ৰাম্পক৷ ষ্টাৰ্মীয়ে এক সাক্ষাৎকাৰত প্ৰকাশ কৰা অনুসৰি ২০০৬ চনত ট্ৰাম্পে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িছিল৷ তাৰপাছতেই ২০১৬ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে তেওঁক মুখ বন্ধ ৰাখিবলৈ এই ধন দিছিল ট্ৰাম্পে৷

ট্ৰাম্পৰ ব্যক্তিগত অধিবক্তা মাইকেল কোহেনে প্ৰকাশ কৰা অনুসৰি তেৱেই ট্ৰাম্পৰ হৈ ষ্টাৰ্মীক ধন দিবলৈ গৈছিল৷ কিন্তু ট্ৰাম্পে এই কথা প্ৰথমে অস্বীকাৰ কৰিছিল৷ বৰ্তমান অধিবক্তা কোহেনো কাৰাগাৰৰেই অতিথি৷ তেওঁ নিৰ্বাচনী প্ৰচাৰৰ নীতি উলংঘন কৰিয়েই কাৰাগাৰত আছে৷ ইপিনে বুধবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে ৩৪ টা ফৌজাদাৰী অপৰাধৰ অভিযোগ আহিছে৷ কিন্তু প্ৰত্যেকটো অভিযোগতেই নিজৰে নিৰ্দোষী বুলি প্ৰকাশো কৰিছে ট্ৰাম্পে৷

তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহৰ প্ৰায়কেইটাই প্ৰতাৰণা, বেআইনী ভাৱে অৰ্থৰ লেনদেন, তদন্তত অসহযোগিতা, তথ্য লুকুওৱা আদি গোচৰ৷ যদি প্ৰত্যেকটো গোচৰতেই তেওঁ দোষী সাব্যস্ত হয় তেন্তে ১৩৬ বছৰ জে’ল হ’ব ট্ৰাম্পৰ বুলিও জনাইছে আইন বিশেষজ্ঞই৷ অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অধিকাংশ অভিযোগতেই অন্তত ৪ বছৰৰ কাৰাদণ্ড হ’ব পাৰে৷ সেয়ে ১৩৬ বছৰৰ জে’ল হোৱাৰ সম্ভাৱনা নাই বুলি ক’ব পাৰি৷

উল্লেখ্য যে, ৰিপাব্লিক দলৰ হৈ ২০২৪ ত পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰো ইচ্ছা প্ৰকাশ কৰিছে ট্ৰাম্পে৷ ট্ৰাম্পে এই অভিযোগসমূহ মিছা প্ৰমাণিত কৰিলেও তেওঁৰ ভাৱমূৰ্তীত পৰা দাগৰ বাবে পৰবৰ্তী নিৰ্বাচনী যুঁজ ইমান সহজ নহ’ব বুলি প্ৰায়সংখ্যক ৰাজনৈতিক বিশ্লেষকে প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *