কমলাক্ষ কাৰ এজেণ্ট? বিৰোধী ঐক্যত বিভাজনৰ ইংগিত!

কমলাক্ষ কাৰ এজেণ্ট? বিৰোধী ঐক্যত বিভাজনৰ ইংগিত!

কমলাক্ষ
কমলাক্ষ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বিজেপিৰ বিৰুদ্ধে বিৰোধী। ২০২৪ লোকসভা নিৰ্বাচনত বিজেপিক ৰুধিবলৈ ককাঁলত টঙালি বান্ধিছে বিৰোধী ঐক্যই। অসমতো বিজেপিক ভেটিবলৈ ঐক্যবদ্ধ হৈছে বিৰোধী দল। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে নিতৌ চলিছে শাসক-বিৰোধীৰ বোকা চটিওৱা খেল। বিৰোধী ঐক্যই শাসক দলৰ বিৰুদ্ধে নানা অভিযোগ অনাৰ বিপৰীতে বিজেপি নেতাসকলে বিৰোধী ঐক্যৰ নিজৰ মাজতেই ঐক্যতাক লৈ তুলিছে প্ৰশ্ন। ইয়াৰ মাজতে এতিয়া বিৰোধী ঐক্যৰ নেতাৰ মাজতেই দেখা গৈছে অনৈক্য। কৰিমগঞ্জ লোকসভা আসনক লৈ বিৰোধী ঐক্যৰ মাজত সৃষ্টি হৈছে মতবিৰোধ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত ১১.৫ খন আসন লাভ কৰিব বুলি বাৰম্বাৰ দাবী কৰি আহিছে। আনহাতে, ৰাজ্যৰ ১৪ খন আসনৰ বাবে লোকসভা নিৰ্বাচনত সৰ্বশক্তিৰে অৱতীৰ্ণ হ’ব বিৰোধী ঐক্য। বিৰোধী ঐক্যৰ মাজত আসন ভাগ-বটোৱাৰা এতিয়ালৈ নিশ্চিত হোৱা নাই যদিও কৰিমগঞ্জ লোকসভা আসনক লৈ আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু অসম তৃণমূল কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে সংঘাটৰ। উল্লেখ্য যে, বিৰোধী ঐক্যৰ অন্যতম সহযোগী অসম তৃনমূল কংগ্ৰেছে বিচাৰিছে কৰিমগঞ্জ আসন। সুস্মিতা দেৱক প্ৰক্ষেপ কৰিব বিচাৰিছে দলটোৱে। ইয়াৰ পাছতে আক্ৰমণাত্মক হৈ উঠে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ।
কৰিমগঞ্জ লোকসভা আসন তৃণমূল কংগ্ৰেছক এৰি দিয়া সন্দৰ্ভত কমলাক্ষ দে’ পুৰকায়স্থই বিস্ফোৰক মন্তব্য কৰে। বিধায়কগৰাকীয়ে কয় যে বিৰোধী জোঁটৰ আন কোনো দলৰ সাংগঠনিক ভেটি শক্তিশালী নহয়। অসমত বিৰোধী ঐক্যৰ কংগ্ৰেছৰ বাহিৰে আন কোনো দলৰে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ক্ষমতা নাই বুলিয়েই একপ্ৰকাৰ দাবী কৰে কমলাক্ষ দে’ পুৰকায়স্থই। কৰিমগঞ্জ আসন তৃণমূল কংগ্ৰেছক কোনোপধ্যে এৰি দিয়াৰ পক্ষপাতী নহয় কমলাক্ষ দে’। বিধায়কগৰাকীৰ মতে কৰিমগঞ্জত কংগ্ৰেছ শক্তিশালী আৰু তাত আন দলৰ সংগঠন নাই। কৰিমগঞ্জ লোকসভা আসন এৰি নিদিবলৈ বদ্ধপৰিকৰ কমলাক্ষ দে’ পুৰকায়স্থ আৰু এই সন্দৰ্ভত হাইকমাণ্ডৰ ওচৰত দাবী জনাব বুলিও কয়।
ইপিনে কমলাক্ষ দে’ পুৰকায়স্থৰ মন্তব্যত জাঙুৰ খাই উঠিছে অস্ম তৃণমূল কংগ্ৰেছ। কমলাক্ষ দে’ক উভতি ধৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া তত্বাৱধায়ক দিলীপ শৰ্মাই। তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম-কাজৰ তৎপৰতাত কমলাক্ষ সংকিত হোৱা বুলি কয় দিলীপ শৰ্মাই। কমলাক্ষই কাৰ এজেণ্ট হিচাবে কাম কৰি আছে বুলিও প্ৰশ্ন কৰে শৰ্মাই। কমলাক্ষৰ মন্তব্য সন্দৰ্ভত শীঘ্ৰেই বিৰোধী ঐক্যৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক লুৰিনজ্যোতি গগৈলৈ পত্ৰ লিখিব তৃণমুল কংগ্ৰেছে। কমলাক্ষৰ দৰে নেতাৰ ফটা মুখত লেকাম লগাব লাগে বুলি কটাক্ষ কৰে দিলীপ শৰ্মাই।
নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যৰ দলৰ মাজৰ মতবিৰোধ সহায়ক হ’ব নেকি বিজেপিৰ বাবে? এনেবোৰ মতানৈক্যৰ বাবেই এতিয়া শাসকীয় দলৰ নেতাই বিৰোধী ঐক্যত শীঘ্ৰেই বিভাজন আহিব বুলি দাবী কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *