কথা মতেই কাম! কেতিয়াবা যদি কঠোৰ কেতিয়াবা সকলোৰে আদৰৰ মোমাইদেউ… হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ, মুখ্যমন্ত্ৰীগৰাকী ডাইনেমিক কিয়? উত্তৰ দিছে সাধাৰণ জনতাই…

কথা মতেই কাম! কেতিয়াবা যদি কঠোৰ কেতিয়াবা সকলোৰে আদৰৰ মোমাইদেউ… হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰ, মুখ্যমন্ত্ৰীগৰাকী ডাইনেমিক কিয়? উত্তৰ দিছে সাধাৰণ জনতাই…

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, ৰাজনীতিঃ ডাইনেমিক শব্দটোৰ সঠিক প্ৰয়োগ কেৱল এটা নামৰ সৈতেই ভালধৰণে হয়। ২০২১চনৰ ১০মে’ৰ দিনটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক বৃহৎ পৰিৱৰ্তন আহিছিল। পদে পদেই প্ৰত্যাহ্বান। সকলোৰে মনত এটাই প্ৰশ্ন কোন হ’ব, কোন হ’ব? অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব সৰ্বানন্দ সোনোৱাল নে হিমন্ত বিশ্ব শৰ্মা? সকলো কথাৰেই উত্তৰ দুবছৰ পূৰ্বে আজিৰ দিনটোতেই লাভ কৰিছিল অসমবাসীয়ে। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ নিজৰ তুলি লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হোৱাৰ প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ কৰি কামকাজলৈ সকলোতেই আছে প্ৰত্যাহ্বান। কেতিয়াবা যদি সমালোচিত হৈছে, কেতিয়াবা সৰ্বশ্ৰেষ্ঠ বুলি আখ্যাও পাইছে। অসমবাসীয়ে সচৰাচৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰবোৰতকৈ পৃথক এক চৰিত্ৰৰ মুখামুখি হৈছে। কোনোৱে যদি এই পৃথক চৰিত্ৰটোৰ বাহ বাহ দিছে কোনোৱে আকৌ এয়া এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰ কেনেকৈ হ’ব পাৰে বুলি সমালোচনা কৰিছে।

এই বাক-বিতণ্ডা, প্ৰত্যাহ্বানৰ মাজেৰেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিলে দুবছৰ। ২ টা বছৰত ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত কি কি পৰিবৰ্তন ৰাইজে দেখিছে? দুবছৰৰ খতিয়ান শাসক দলে কেনেকৈ দাঙি ধৰিছে বা বিৰোধীয়ে কেনেদৰে সমালোচনা কৰিছে তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সাধাৰণ জনতাই মুখ্যমন্ত্ৰীৰ কামকাজক কেনেদৰে লৈছে?

হিতাধিকাৰী সৃষ্টি, এটাৰ পাছত আনটো ঋণ, বিহুৰে বিশ্ব ৰেকৰ্ড বহুকেইটা নকৰিবলগীয়া কামেৰে মুখ্যমন্ত্ৰী হিচাপে বৃতিক্ৰম হৈ ধৰা দিছে হিমন্ত বিশ্ব শৰ্মাই। চতুৰ, বিচক্ষণ তথা কৰ্মঠ হিচাপে পূৰ্বৰে পৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পৰিচয় আছিল। সেই পৰিচয় কৰ্মপটুতাৰ মাজেৰেই দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ বিশেষ চৰ্চা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পূৰ্বে হোৱা নাছিল যদিও বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদমাধ্যমেও উত্তৰ পূবৰ চানক্য আখ্যা দিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মক ৰাইজে সমালোচনা কৰিছে যদিও বহুসময়ত শলাগো লৈছে। কিন্তু এই দুবছৰৰ কাৰ্যকলাপক অসমৰ ৰাইজে কেনেকৈ লৈছে তাৰ উত্তৰ লাভ কৰিবলৈ এতিয়াও আৰু ৩ টা বছৰ অপেক্ষা কৰিব লাগিব হিমন্ত নেতৃত্বাধীন চৰকাৰখনে বুলি ৰাজনৈতিক বিশ্লেষকসকলে কোৱাও পৰিলক্ষিত হৈছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *