কথা নপতা এখন অদ্ভুত গাঁও, বছৰৰ ৪২ দিন মৌন ব্ৰত পালন কৰা এখন গাঁও

কথা নপতা এখন অদ্ভুত গাঁও, বছৰৰ ৪২ দিন মৌন ব্ৰত পালন কৰা এখন গাঁও

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

সাধাৰণতে গাঁও বুলি ক’লে আপোনালোকৰ মনত কেনেধৰণৰ ছবি ভাহি আহে? সাধাৰণতে গাঁও বুলি ক’লে ঘন ঘন ঘৰ, সেউজীয়া গছ-গছনি অলপ হাই-উৰুমি৷ তেনেধৰণৰ ছবিয়ে আমাৰ মনলৈ আহে৷ নহয়নে বাৰু? কিন্তু এখন গাঁৱত বছৰটো ৪২টা দিন কেৱল মৌনতাই বিৰাজ কৰে৷ কাৰণ, এই গাঁওখনৰ বাসিন্দাসকলে বছৰটোৰ ৪২টা দিন মৌন ব্ৰত পালন কৰে৷ কথা নোকোৱাৰ বাবে তেওঁলোকৰ থাকে নিৰ্দিষ্ট তাৰিখ৷ এই গাঁওখন হ’ল হিমাচল প্ৰদেশৰ মানালিৰ কুল্লু জিলাৰ গোশাল৷ এতিয়া প্ৰশ্ন হয় গাঁওখনৰ বাসিন্দাসকলে ৪২ দিন কিয় মৌন ব্ৰত পালন কৰে? স্থানীয় লোকৰ বিশ্বাস অনুসৰি এই সময়খিনিত তেওঁলোক ঈশ্বৰৰ ধ্যানমগ্ন হয়৷ স্বৰ্গৰ পথ অতিক্ৰম কৰে এই ৪২ দিনত৷ মৌন ব্ৰত পালন কৰা সময়ত যাতে বতাহতো কোনো লোকৰ শব্দ নাথাকে তাৰ বাবে তেওঁলোক অধিক সচেতন৷ অৱশ্যে, এই বিষয়ত আৰু এটা পৌৰাণিক মত আছে৷ সেয়া হ’ল বিপাশা নদীৰ পাছত ঋষী গৌতমে আজিও তপস্যা কৰে৷ তেওঁৰ তপস্যা যাতে ভংগ নহয় তাৰ বাবে তেওঁলোকে নীতি-নিয়ম পালন কৰি আহিছে৷ গাঁওখনত আছে এটা প্ৰাচীন শিৱ মন্দিৰ৷ মকৰ সংক্ৰান্তীৰ দিনা পূজা কৰাৰ পাছত বন্ধ কৰি দিয়া হয় মন্দিৰটো৷ গাঁওখনৰ বাসিন্দাসকলে নীৰৱতা ভংগ কৰাৰ সময়ত খোলা হয় মন্দিৰৰ দুৱাৰ৷ লোকবিশ্বাসৰ উপৰি এই মৌন ব্ৰত পালনৰ আঁৰত আছে কিছু বিজ্ঞানসন্মত কাৰণ৷ বিজ্ঞানীসকলৰ মতে শীতকালত তীব্ৰ শীত পৰে গোশালসহ হিমাচলৰ পাহাৰীয়া গাঁওসমূহত৷ তুষাৰপাতত বগা হৈ যায় প্ৰান্তে প্ৰান্তে৷ সেই শীতকালত কোনো কাম কৰিব নোৱাৰে ৰাইজে৷ ক্লান্ত বোধ কৰে বাসিন্দাসকলে৷ এনে অৱস্থাত ঘৰৰ পৰা বাহিৰ হোৱাৰ কথা ক’লে শক্তি নোহোৱা হয় বাসিন্দাসকলৰ৷ অকাৰণতে যাতে শক্তি ক্ষয় নহয় তাৰ বাবে ৪২ দিনৰ মৌন ব্ৰত পালন কৰে৷ অৱশ্যে, মৌন ব্ৰত পালনৰ সময়ত তেওঁলোকে কথা নাপাতে যদিও সেই সময়খিনিত গীত শুনে আৰু আকাৰ-ইংগিতেৰে ঘৰৰ কাম-কাজ কৰে৷ জানুৱাৰী মাহৰ ১৪ তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ ২৫ তাৰিখ পৰ্যন্ত তেওঁলোকে মৌন ব্ৰত পালন কৰে৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *