কইনা সাজি বৰ্ডাৰৰ সিপাৰে আমিনা! দৰা আৰবাজে পাকিস্তানৰ যুৱতীক কৰালে ভাৰ্ছুৱেলী বিবাহ, সোঁশৰীৰে ভাৰতলৈ কেতিয়া আহিব আমিনা?

কইনা সাজি বৰ্ডাৰৰ সিপাৰে আমিনা! দৰা আৰবাজে পাকিস্তানৰ যুৱতীক কৰালে ভাৰ্ছুৱেলী বিবাহ, সোঁশৰীৰে ভাৰতলৈ কেতিয়া আহিব আমিনা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সীমান্ত পাৰ হৈ বিবাহ। এয়া যেন নতুন ট্ৰেণ্ড। সম্প্ৰতি সেই ট্ৰেণ্ডত দুই দেশৰ শিৰোনামা দখল কৰিছে সীমা হায়দৰ আৰু অঞ্জুৰ প্ৰেমৰ কাহিনীয়ে। এইবাৰ দুই দেশৰ আৰু এহাল যুৱক-যুৱতীৰ সম্পৰ্কই দৃষ্টি কাঢ়িছে নেটিজেনৰ। বিবাহৰ দিনবাৰ সকলো ঠিক হৈ অৱশেষত ভিছা লাভ নকৰিলে পাকিস্তানী যুৱতীয়ে। এই পৰিস্থিতিত কি কৰিব নকৰিব সিদ্ধান্ত ল’ব নোৱাৰাত পৰি অৱশেষত ভাৰ্ছুৱেলী বিবাহ কৰায় ভাৰতীয় পাত্ৰ আৰু পাকিস্তানী পাত্ৰীয়ে।

পাকিস্তানী যুৱতী সীমা হাইদৰে প্ৰেমৰ টানতেই চাৰি সন্তানক লৈ ভাৰতৰ মাটিত ভৰি দিছিল। উত্তৰপ্ৰদেশৰ প্ৰেমিক শচীনক বিয়া কৰাই নতুন সংসাৰো আৰম্ভ কৰিছে। আনহাতে ৰাজস্থানৰ বিবাহিতা নাৰী অঞ্জুৱেও প্ৰেমৰ টানত পাকিস্তানত ভৰি দিছিল। প্ৰেমিক নাছৰুল্লাহৰ সৈতে কাটা তাঁৰ পাৰ হৈ গৈ নিকাহ কৰাইছে অঞ্জুৱে। এই দুই দম্পত্তিয়ে সকলোৰে দৃষ্টি কঢ়াৰ সময়তে ভাইৰেল হৈছে আন এক খবৰ।

এই বিবাহৰ সৈতে প্ৰেমৰ কথাবোৰ যুক্ত হৈ থকা নাই। পাকিস্তানৰ কন্যাক পছন্দ কৰিছে ভাৰতীয় যুৱকৰ পৰিয়ালে। পৰিয়ালৰ ইচ্ছাতেই বিবাহ কৰাবলৈ সকলো আইনী প্ৰক্ৰিয়াও সম্পন্ন কৰি পেলাইছিল ভাৰতৰ যুৱক আৰবাজে। পাকিস্তানৰ আমিনাৰ পাছপৰ্ট ভিছা সকলোবোৰৰ বাবেই এপ্লাইয়ো কৰিছিল। কিন্তু পাছপৰ্ট লাভ কৰিলেও বিবাহৰ দিনটোলৈকে ভিছা লাভ নকৰিলে আমিনাই। ভিছা নোপোৱাৰ বাবেই শেষ পৰ্যন্ত ভাৰ্ছুৱেলীয়েই দুয়োৰে মাজত বিবাহ হয়। দুই পৰিয়ালে মিলি ভাৰ্ছুৱেলীয়েই বিবাহৰ অনুষ্ঠান চলে। ৰাজস্থানৰ যোধপুৰৰ বাসিন্দা আৰবাজ আৰু পাকিস্তানৰ আমিনাৰ বিয়া ভাৰ্ছুৱেলীয়েই ধুমধামেৰে সম্পন্ন হয়।

লেপটপৰ দুই প্ৰান্তত দৰা-কইনাৰ ওপৰিও আছিল ভাৰত-পাকিস্তানৰ কাজীসহ দুই তৰফৰ আত্মীয়-স্বজন আছিল। যোধপুৰৰ আৰবাজৰ পৰিয়ালৰ সদস্যসকলে যাতে অনুষ্ঠানটো উপভোগ কৰিব পাৰে তাৰবাবে এলইডি স্ক্ৰিনত গোটেই বিয়াৰ অনুষ্ঠান দেখুওৱা হৈছিল। কিন্তু বিবাহৰ দিন কিয় পিছুৱাই নিদিলে আৰবাজ-আমিনাই সেই বিষয়েও একাংশই প্ৰশ্ন কৰিছে। এই প্ৰশ্নক উত্তৰত আৰবাজে কয়, ‘আমিনাৰ ভিছাৰ বাবে আমি আবেদন কৰিছিলো। বিবাহৰ সময় আমি ভিছা আহি পোৱাৰ সময়ৰ ওপৰত ভিত্তি কৰিয়েই লৈছিলো। কিন্তু হঠাতেই গম পালো ভিছা লাভ কৰাত দেৰি হ’ব। সেয়ে উপায়হীন হৈ আমি এনেকৈয়ে ভাৰ্ছুৱেলী বিবাহ সমাপন কৰিলো।

উল্লেখ্য যে আৰবাজৰ বেছ কেইবাজনো আত্মীয় পাকিস্তানৰ বাসিন্দা। মূলত তেওঁলোকৰ উদ্যোগতেই এই বিবাহ ঠিক হৈছে। এই প্ৰসংগত যুৱকৰ পৰিয়ালে কয়, ‘পাকিস্তানৰ মাটিত বিবাহ কৰালে সেই বিবাহ ভাৰতত বৈধ নহয়। সেয়ে আমি ভাৰ্ছুৱেল বিবাহ কৰাইছো। যাতে বিবাহৰ নিকাহনামা দেখুৱাই আবেদন কৰিলে অলপ সোনকালে আমিনাই ভিছা লাভ কৰে।’ আমিনাৰ সৈতে আৰবাজে সুখৰ সংখাৰ আৰম্ভ কৰিলেও সোঁশৰীৰে আমিনা কেতিয়া ভাৰতৰ মাটিত ভৰি দিব কোনেও নাজানে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *