এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শাস্ত্ৰত চাৰিটা যুগৰ কথা উল্লেখ আছে। এই চাৰিটা যুগ হৈছে, সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান কলিযুগ চলি আছে। সনাতন ধৰ্মত শ্ৰী বিষ্ণুৰ দহটা অৱতাৰৰ কথা উল্লেখ আছে। এই দহটা অৱতাৰৰ মাজত শেষ বা দশম অৱতাৰেই হৈছে কল্পি অৱতাৰ। কলিযুগৰ শেষ পৰ্যায়ত কল্পি অৱতাৰৰ জন্ম হ’ব বুলি শাস্ত্ৰত উল্লেখ আছে।

সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই চাৰিযুগৰ মাজত এটা এটা যুগৰ সূচনা কেতিয়া হৈছিল আৰু সেই যুগৰ অৱসান কেতিয়া হৈছে বা হ’ব সকলোবোৰেই উল্লেখ কৰা হৈছে পুৰাণত। সত্য, ত্ৰেতা আৰু দ্বাপৰ যুগৰ অৱসান হৈ বৰ্তমান চলি আছে কলিযুগ। কিন্তু আপুনি জানেনে কলিযুগৰ অৱসান কেতিয়া হ’ব? শাস্ত্ৰ বিশেষজ্ঞসকলে জনোৱা অনুসৰি কলিযুগ ৪ লাখ ৩২ হাজাৰ বছৰ ধৰি চলিব। আধুনিক গণনা অনুসৰি ৩১০২ খৃষ্টাব্দত কলিযুগৰ সূচনা হৈছিল। অৰ্থাৎ এই হিচাপত এতিয়া কলিযুগৰ ৩১০২ + ২০২৩ = ৫১২৫ পাৰ হৈছে। কলিযুগৰ ৪,৩২,০০০বছৰৰ পৰা ৫১২৫ বিয়োগ কৰিলে ৰৈ যায় ৪,২৬,৮৭৫ বছৰ। এই গণনা অনুসৰি কলিযুগ শেষ হ’বলৈও এতিয়াও ৪,২৬,৮৭৫ বছৰ বাকী।

বৰ্তমান সময়টো হৈছে কলিযুগৰ প্ৰথম পৰ্যায়। শাস্ত্ৰঅ অনুসৰি কলিযুগৰ শেষত আবিৰ্ভূত হ’ব কল্কি অৱতাৰ। কলিযুগক শেষত পৃথিৱীৰ পৰা পাপ নিমজ্জিত হ’ব। সেই সময়ত ঘোঁৰাৰ পিঠিত উঠি খোলা তৰোৱাল লৈ পৃথিৱী ধ্বংস কৰিবলৈ আহিব। এই ধ্বংসৰ পাছতেই নতুন যুগৰ সূচনা হ’ব। নতুনকৈ ধৰ্ম প্ৰতিষ্ঠা হ’ব। শ্ৰীমদ ভাগবৎ গীতা আৰু কল্কি পুৰাণ অনুসৰি কলিযুগৰ শেষ আৰু সত্যযুগৰ সূচনাৰ সন্ধিক্ষণত আবিৰ্ভূত হ’ব কল্কি অৱতাৰ। পৃথিৱীত যেতিয়া পাপ আৰু অধৰ্মৰ বাহিৰে একোৱেই অৱশিষ্ট নাথাকিব তেতিয়াই পাপৰ বিনাশ কৰি কল্কি অৱতাৰ মানুহৰ মনত নতুনকৈ ধৰ্মৰ বীজ ৰোপন হ’ব। তেতিয়াৰে পৰাই মানুহে সত্যৰ পথত চলিবলৈ আৰম্ভ কৰিব। কল্কি পুৰাণত কল্কি অৱতাৰৰ কথা বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। উত্তৰপ্ৰদেশৰ মোৰাদাবাদৰ সম্বল গাওঁত জন্ম হ’ব কল্কি অৱতাৰৰ। শ্ৰী ৰামচন্দ্ৰৰ মতে কল্কি অৱতাৰৰ ৪ ভায়েক থাকিব। ধৰ্ম পুনঃপ্ৰতিষ্ঠা কৰিবলৈ কল্কিৰ ৪ ভায়েকেই সহায় কৰিব। দেৱদত্ত নামৰ বগা ঘোঁৰাৰ পিঠিত উঠিয়েই পাপীৰ বিনাশ কৰিবলৈ কল্কিৰ ৪ অৱতাৰ আহিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *