এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

এয়াতো তেওঁৰ যোৱাৰ সময় নহয়! অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ ভুৱা, কন্যা নন্দনাই কি লিখিলে সামাজিক মাধ্যমত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নোবেলজয়ী ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মৃত্যুৰ ভুৱা খবৰক লৈ সামাজিক মাধ্যমত চৰ্চা৷ সম্পূৰ্ণ সুস্থ হৈ আছে ৮৯বছৰ বয়সীয়া নোবেলজয়ী৷ অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ সম্পূৰ্ণ ভুৱা বিবৃত্তি দিছে কন্যা নন্দনা দেৱসেনে৷ অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ সম্পূৰ্ণ মিথ বুলি কৈ টুইটত নন্দনাই লিখিছে, ‘দেউতা সম্পূৰ্ণ সুস্থ৷ বৰ্তমান তেওঁ কেমব্ৰীজতেই আছে৷ সপ্তাহত দুদিনকৈ তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ক্লাছো দিয়ে৷’

মঙলবাৰে বিয়লীৰ ভাগত হঠাৎ সামাজিকমাধ্যমত ভাইৰেল হৈছিল অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ৷ অৰ্থনীতিত চলিত বছৰত নোবেলজয়ী ক্লডিয়া গল্ডিনৰ নামৰ এটা একাউণ্টৰাই এই খবৰ পোনতে ভাইৰেল হৈছিল৷ ২৩ বৰ্ষৰ নোবেলজয়ী ক্লডিয়া গল্ডিন অৰ্থনীতিৰ অধ্যাপক অমৰ্ত্য সেনৰ ছাত্ৰী৷ স্বভাৱবশত এগৰাকী ছাত্ৰীৰ একাউণ্টত এনে পোষ্ট দেখি সকলোৱেই এই খবৰ সত্য বুলি মানিয়েই শ্বেয়াৰ কৰিছিল৷ এই খবৰ ব্যাপক হাৰত শ্বেয়াৰ হোৱাত অমৰ্ত্য সেনৰ কন্যাই এই খবৰ সম্পূৰ্ণ ভুৱা বুলি বিশেষ পোষ্টটো শ্বেয়াৰ কৰিছে৷ টুইটত নন্দনাই লিখিছে, ‘আপোনালোকে উদ্বেগ কঢ়িয়াব নালাগে৷ দেউতা সম্পূৰ্ণ সুস্থ৷ এতিয়া তেওঁ কেমব্ৰীজত ভাল সময় অতিবাহিত কৰি আছে৷ এয়া তেওঁৰ বিদায় লোৱাৰ সময় নহয়৷ বাহিৰত চলাফুৰা কৰি থকালৈকে তেওঁ সুস্থ হৈ আছে৷’

কেইবামাহ পূৰ্বেই শান্তিনিকেতনলৈকো আহিছিল নোবেলজয়ী অধ্যাপক অমৰ্ত্য সেন৷ ১৯৩৩ চনৰ ৩ নৱেম্বৰত শান্তিনিকেতনতেই জন্ম হৈছিল অমৰ্ত্য সেনৰ৷ চলিত বছৰত ৮৯ বছৰত ভৰি দিছে অমৰ্ত্য সেনে৷ অমৰ্ত্য সেন এই বিশেষ নামটো তেওঁক দিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে৷ ১৯৯৮ চনত অৰ্থনীতিত নোবেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় অমৰ্ত্য সেনেও৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পাছত নোবেলজয়ী দ্বিতীয়গৰাকী বাঙালী হৈছে অমৰ্ত্য সেন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *