এটা তৰমুজৰ দাম ৪.৫ লাখ টকা! কি আছে বিশেষত্ব?

এটা তৰমুজৰ দাম ৪.৫ লাখ টকা! কি আছে বিশেষত্ব?

তৰমুজ
তৰমুজ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

গৰম দিনত বজাৰ উভৈনদী হয় তৰমুজেৰে। অসহ্য গৰমত শৰীৰ জীপাল কৰি ৰাখে তৰমুজে। ৪০-৫০ টকা প্ৰতিকিলো দৰত বজাৰত উপলব্ধ হয় তৰমুজ। কিন্তু এনেকুৱা প্ৰকাৰৰ তৰমুজ আছে যাৰ দাম শুনিলে হয়টো আপোনাৰো চকু কপালত উঠিব। লাখ লাখ টকাত বিক্ৰী হয় এইবিধ তৰমুজ। সাধাৰণ তৰমুজৰ দৰে বজাৰত বিক্ৰী নহয় এই তৰমুজ। নিলাম কৰা হয় এই বিশেষ তৰমুজ। বিশ্বৰ ভিতৰত আটাইতকৈ মূল্যবান হিচাপে অভিহিত কৰা হয় এই তৰমুজক।
ডেনচুক প্ৰজাতিৰ এই তৰমুজক ক’লা তৰমুজ বুলিও কোৱা হয়। জাপানৰ হকাইড’ দ্বীপত উৎপাদিত হয় বিশ্বৰ আটাইতকৈ মূল্যবান তৰমুজ। অতি দুৰ্লভ এই ডেনচুক তৰমুজ এবছৰত মাত্ৰ ১০০টা উৎপাদন কৰা হয়। এই তৰমুজৰ বাহিৰভাগ ক’লা বৰণৰ আৰু ভিতৰৰ অংশ মচমচীয়া হয়। তৰমুজটোৰ ভিতৰত বীজৰ সংখ্যা কম আৰু সাধাৰণ তৰমুজতকৈ বেছি মিঠা বাবে ই খাবলৈ অধিক সোৱাদযুক্ত হয়।
নিলামত বিক্ৰী হোৱা এই তৰমুজটোৰ দাম হাজাৰৰ পৰা লাখ টকালৈ উঠে। ২০১৯ চনত এই প্ৰজাতিৰ এটা তৰমুজ অভিলেখসংখ্যক ৪.৫ লাখ টকাত বিক্ৰী হৈছিল। অৱশ্যে, কোভিড মহামাৰীয়ে এই বিশেষ প্ৰজাতিৰ তৰমুজৰ ওপৰতো প্ৰভাৱ পেলায়। কোভিডৰ বিশ্বজোৰা সংহাৰৰ পাছত লক্ষ্যণীয়ভাৱে কমি যায় এই তৰমুজৰ দাম।
নিলাম প্ৰক্ৰিয়াত অভাৱনীয় দৰত বিক্ৰী হোৱা এই প্ৰজাতিৰ প্ৰতিটো তৰমুজ একে দামত বিক্ৰী নহয়। তথ্য অনুসৰি প্ৰথমজোপা শস্যৰ ফল অকল্পনীয় দামত বিক্ৰী হোৱাৰ বিপৰীতে ইয়াৰ পিছৰ শস্যৰ ফলবোৰৰ দাম কমি যায়। পিছৰ পৰ্যায়ৰ তৰমুজবোৰ ১৯-২০ হাজাৰ টকাত পোৱা যায়। প্ৰথম পৰ্যায়ৰ তৰমুজতকৈ এই তৰমুজখিনিৰ দাম বহুত কম যদিও সাধাৰণ তৰমুজতৰ লগত ইয়াৰ তুলনাই নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *