এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শনিৰ নাম শুনা মাত্ৰকেই বহুতেই ভয় কৰে। কাৰণ শনি কৰ্মফলদাতাৰ লগতে ন্যায়দণ্ডাধিকাৰী। প্ৰত্যেকৰে ধাৰণা শনিয়ে কেৱলমাত্ৰ ব্যক্তি একোজনক শাস্তিয়েই প্ৰদান নকৰে জীৱন কঠিনৰ পৰা কঠিনতম কৰি তোলে। কিন্তু এই ধাৰণা ভুল। শনিয়ে ভাল বেয়া বিচাৰ কৰি ব্যক্তি একোজনৰ হাতত ফলাফল তুলি দিয়ে। ব্যক্তিৰ কৰ্মই নিৰ্ধাৰণ কৰে যে শনিয়ে তেওঁক কি পুৰস্কাৰ দিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৫টা ৰাশিৰ ওপৰত শনিৰ বিশেষ দয়া থাকে। শনিৰ বিশেষ দয়া লাভ কৰা এই ৫ ৰাশি কি কি?

বৃষ ৰাশি
বৃষ ৰাশিৰ ওপৰত শুক্ৰৰ আধিপত্য আছে। জ্যোতিষ শাস্ত্ৰ অনুযায়ী শুক্ৰ আৰু শনিৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। উল্লেখযোগ্য যে শুক্ৰৰ ৰাশিত শনি যোগকাৰক। এই বৃষ ৰাশিত সেয়ে শনিৰ দয়া থাকে। শনিৰ দয়াতেই এই ৰাশিৰ লোকসকল বহুসময়ত ৰক্ষা পৰে।

তুলা ৰাশি
বৃষ ৰাশিৰ সমান্তৰালকৈ বৃষ ৰাশিতো শুক্ৰৰ আধিপত্য আছে। তুলা ৰাশিও শনিৰ বিশেষ প্ৰিয়। এই ৰাশিত শনিয়ে ভ্ৰমণ কৰে। যাৰবাবে এই ৰাশিৰ জাতকসকলে শনিৰ পৰা ভাল ফলাফল লাভ কৰে। জ্যোতিষ শাস্ত্ৰ অনুযায়ী এই ৰাশিক শনিয়ে বিশেষ দয়া কৰে। তুলা ৰাশিৰ জাতকসকলৰ উন্নতিত সহায় কৰে এই ৰাশিৰ জাতকে। কৰ্মঠ স্বভাৱৰ কাৰণে শণিয়ে এই ৰাশিৰ লোকক সহায় কৰে।

ধনু ৰাশি
বৃহস্পতিৰ ৰাশি ধনু ৰাশিও শনিৰ অত্যন্ত প্ৰিয়। এই ৰাশিৰ জাতকসকলক সমস্যাত নেপেলাই শনিয়ে। বৃহস্পতিৰ সৈতে শনিৰ সম্পৰ্ক আছে। সেয়ে ধনু ৰাশিৰ জাতকসকলে শনিৰ কৃপা লাভ কৰে। এই ৰাশিৰ জাতকসকলৰ মান-সন্মানৰ ওপৰিও প্ৰচুৰ অৰ্থ থাকে।

মকৰ ৰাশি
মকৰ ৰাশিৰো অধিপতি শনি। মকৰ শনিৰ অন্যতম প্ৰিয় ৰাশি। শনিৰ কৃপাত এই ৰাশিৰ জাতকসকলে বিশেষ কষ্ট ভোগ নকৰে। মকৰ ৰাশিৰ জাতকসকলে কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। এই ৰাশিৰ ব্যক্তিসকল উৎসাহীৰ লগতে পৰিশ্ৰমীও। এবাৰ কোনো কাম হাতত হ’লে নিষ্ঠাৰে সেই কাম সম্পন্ন কৰে।

কুম্ভ ৰাশি
এই ৰাশিৰ জাতকসকলৰ ওপৰত শনিৰ প্ৰভাৱ বিশেষ নাথাকে। কাৰণ কুম্ভ শনিৰ ৰাশি। সেয়ে কুম্ভ ৰাশিৰ জাতকসকলে শনিৰ আশীৰ্বাদ লাভ কৰে। ফলত এই ৰাশিৰ জাতকসকলৰ কাহানিও আৰ্থিক সমস্যাত নপৰে। এই ৰাশিৰ জাতকে শনিৰ কৃপাৰ ফলতেই সহজে অৰ্থ উপাৰ্জন কৰিব পাৰে। জীৱনত প্ৰচুৰ মান-সন্মানো লাভ কৰিবলৈ সক্ষম হয় এই ৰাশিৰ জাতকসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *