আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চাৰি বছৰ পূৰ্বৰ এক অপৰাধৰ বাবেই দুবছৰৰ শাস্তি দিয়া হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। শাস্তি ঘোষণাৰ পাছতেই খাৰিজ কৰা হৈছিল ৰাহুলৰ সাংসদ পদ। ৪মাহ পাছত আকৌ সংসদলৈ সোমোৱাৰ প্ৰৱেশাধিকাৰ লাভ কৰিলে কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে। ২০১৯ চনত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী সভাত ভাগ লৈ মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুলে সেই সভাতেই কৈছিল, ‘মোদী উপাধিধাৰী সকলো ব্যক্তিয়েই চোৰ হয় কিয়?’

ৰাহুলে কৰা এই বিশেষ মন্তব্যটোক লৈ মানহানিৰ গোচৰ তৰিছিল গুজৰাটৰ বিজেপি নেতা পূৰ্ণেশ মোদীয়ে। ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাত অপৰাধমূলক মানহানিৰ গোচৰ তৰা হৈছিল ৰাহুলৰ বিৰুদ্ধে। বিগত ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে এই গোচৰৰ ভিত্তিত ৰাহুলক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে। জিলা আদালতে দিয়া এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দিয়ে ৰাহুলৰ অধিবক্তাই। ৰাহুলক এই আবেদন কৰাৰ বাবে সত্ৰন্যায়াধীশ আদালতে ৩০ দিনৰ সময় দিছিল। গুজৰাট হাইকৰ্টে ৰাহুলক এই আবেদন গ্ৰহণ কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি বাহাল থাকিব বুলিয়েই ৰায় দিয়ে। গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ পাছতেই ৰাহুলে টুইটাৰত কৰিছিল এটা বিশেষ পোষ্ট।
ৰাহুলে টুইটযোগে লিখিছিল, ‘মোৰ ধৰ্ম, সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত। সত্যই মোৰ ঈশ্বৰ, অহিংসা সেয়া পোৱাৰ মাধ্যম-মহাত্মা গান্ধী।’

জনপ্ৰতিনিধিত্ব আইন অনুযায়ী, কোনো অপৰাধত দোষী সাব্যস্ত হ’লে সাংসদ বা বিধায়ক দোষী সাব্যস্ত হৈ দুবছৰ বা তাতোকৈ অধিক কাৰাদণ্ডৰ শাস্তি পালে তাৎক্ষণিকভাৱে সাংসদ বা বিধায়ক পদ হেৰুৱাই বিধায়ক বা সাংসদগৰাকীয়ে। সেই আইনৰ অধীনতেই বিগত ২৪ মাৰ্চত ৰাহুলৰ সাংসদ পদ খাৰিজ কৰিছিল অধ্যক্ষ ওম বিৰালাই। সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন(১৯৫১)ৰ ৮ নং অনুচ্ছেদ অনুসৰি ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হৈছিল।

কংগ্ৰেছৰ তৰফৰ পৰা এই সন্দৰ্ভত কোৱা অনুসৰি, ‘সঁচা কথা কোৱাৰ বাবেই ৰাহুলে শাস্তি লাভ কৰিলে।’ এই বিষয়টোকলৈ আইনী আৰু ৰাজনৈতিক যুদ্ধও অব্যাহত ৰাখিছিল কংগ্ৰেছে। সাংসদ পদ হেৰুৱাই ৰাহুলে টুইটাৰত নিজৰ পৰিচয়ো সলনি কৰিছিল। টুইটাৰত ৰাহুলে লিখিছিল, ‘ডিছকোৱালিফায়েড এম পি’। ইয়াৰপাছতেই ২৭ মাৰ্চত ৰাহুলক দিল্লীৰ তুঘলক ৰোডৰ চৰকাৰী বাংলো খালী কৰিবলৈকো নটিছ দিছিল লোকসভাৰ হাউছিং বৰ্ডে। বাংলো এৰিবলৈ ৰাহুলক চিঠি দিয়াৰ বাবে লোকসভাৰ সচিবালয়ক ৰাহুলে ধন্যবাদো জ্ঞাপন কৰিছিল। বিগত ২২ এপ্ৰিলত ৰাহুলে তুঘলক লেন ৰোডৰ চৰকাৰী বাংলো ত্যাগ কৰে। তাৰপিছতেই ৰাহুলৰ নতুন ঠিকনা হৈছিল মাতৃ ছোনীয়া গান্ধীৰ বৰাদ্দ ১০ জনপথত থকা চৰকাৰী বাংলো।

উত্তৰপ্ৰদেশৰ ৰায়বৰেলীৰ সাংসদ হিচাপে সেই বাংলোটোত বাস কৰি আহিছে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী। ৰাহুলে নিজৰ বাংলো এৰি মাতৃৰ বাংলোলৈ যোৱাৰ সময়ত ৰাহুলে কৰিছিল এটা বিশেষ মন্তব্য। ৰাহুলে কৈছিল, ‘মই সত্যৰ পথত আগুৱাই যোৱাৰ বাবে যিকোনো মূল্য দিবলৈ প্ৰস্তুত আছো।’ ইয়াৰপাছতেই বিগত ৭ জুলাইত চুৰাট মেজিষ্ট্ৰেচ আদালতৰ ৰায় বাহাল ৰাখে গুজৰাট হাই কৰ্টৰ ন্যায়াধীশ হেমন্ত প্ৰচ্ছকৰ বেঞ্চেও। এই সন্দৰ্ভত ন্যায়াধীশ হেমন্ত প্ৰচ্ছকে কয়, ‘নিম্ন আদালতে ৰাহুল গান্ধীৰ ওপৰত যি ৰায় দিছে সেয়াই সঠিক।’ গুজৰাট উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই ৰাহুল গান্ধীৰ অধিবক্তা দ্বাৰস্ত হয় উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ গাভা আৰু ন্যায়াধীশ পি কে মিশ্ৰৰ বেঞ্চে এই মোকৰ্দমাৰ শুনানি দিয়ে। বিগত ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰাহুলক ৰাহুলৰ কাৰাদণ্ডক নিৰ্দেশক স্থগিতাদেশ প্ৰদান কৰে। মানহানিৰ গোচৰত অভিযুক্ত এজন ব্যক্তিক কেনেকৈ ২ বছৰ কাৰাদণ্ড দিলে সেই বিষয়ে চুৰাট আদালত আৰু গুজৰাট উচ্চ ন্যায়ালয়ক কাৰণ বাখ্যা কৰিবলৈকো কয় সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, জনপ্ৰতিনিধি আইনৰ ৮(৩) ধাৰা অনুযায়ী শাস্তিৰ ম্যাদ দুবছৰতকৈ এদিন কম হ’লেও জনপ্ৰতিনিধি এজনৰ সাংসদ পদ খাৰিজ নহয়। কেৱল সেয়াই নহয় ছবছৰৰ বাবে ভোট যুদ্ধত নামিব নোৱাৰাৰ নিষেধাজ্ঞাও এই ক্ষেত্ৰত লাঘু নহয়। অৱশ্যে ৰাহুলে সাংসদ পদ হেৰুৱালেও ৰাজনৈতিকভাৱে ৰাহুল কিন্তু পিছুৱাই যোৱা নাছিল। সাংসদ পদ যোৱাৰ পাছত ৰাহুল আৰু বেছি সক্ৰিয়হে হৈ পৰিছিল। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনতো বিজেপি কংগ্ৰেছৰ হাতত ধৰাসায়ী হৈ পৰিছিল। ‘ভাৰত জোড়ো যাত্ৰা’ৰ পাছতেই ৰাহুলে এগৰাকী নেতা হিচাপে বিশেষ স্বীকৃতিও লাভ কৰিছিল। কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ত ৰাহুল গান্ধীৰো বৃহৎ অৱদান আছে বুলি উল্লেখ কৰিছিল কংগ্ৰেছ কৰ্মকৰ্তাসকলে।

বিৰোধী দলসমূহৰ মতে ৰাহুলে সাংসদ পদ হেৰুওৱাটোৱে ৰাহুলৰ জনপ্ৰিয়তা বৃদ্ধিহে কৰিলে। কংগ্ৰেছৰ প্ৰতি শাসক দলৰ এই উপেক্ষাই তৈয়াৰ কৰিলে দেশৰ বিৰোধী জোট , ‘ইণ্ডিয়া’। সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুলৰ কাৰাদণ্ডৰ শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰাৰ পাছতেই কংগ্ৰেছ দলৰ পৰা লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হৈছিল বিশেষ পত্ৰ। ৰাহুলৰ সাংসদ পদ উভতাই দিয়াৰ বাবে প্রধান বিৰোধী দল কংগ্ৰেছৰ তৰফৰ পৰা আৰ্জি দিয়া হৈছিল। বিগত শনিবাৰে কংগ্ৰেছৰ তৰফৰ পৰা লোকসভাৰ অধ্যক্ষ ওম বিৰালালৈ প্ৰেৰণ কৰা হৈছিল পত্ৰৰ লগতে আদালতৰ ৰায়ৰ এটা কপিও।

সোমবাৰে পুৱাই লোকসভাৰ অধ্যক্ষ ওম বিৰালাৰ কাৰ্যালয়ৰ পৰা জনোৱা হয় যে সাংসদ পদ ৰাহুলক ওভতাই দিয়া হৈছে। ৪মাহৰো অধিক সময় সংসদত ভৰি দিব নোৱাৰা ৰাহুলে সোমবাৰে দুপৰীয়া ১২ বজাত উপস্থিত হৈছে সংসদত। ৰাহুল গান্ধীয়ে সংসদত ভৰি দিয়াৰ লগে লগেই কংগ্ৰেছ নেতা কৰ্মীৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। বিৰোধী গোট ‘ইণ্ডিয়া’ৰ শিবিৰতো দেখা গৈছে ব্যাপক উৎসাহ। মঙলবাৰে মণিপুৰৰ ঘটনাক লৈ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ অনাৰ আলোচনা কৰিব। এই আলোচনাত ৰাহুল গান্ধীয়েও ভাগ ল’ব বুলি প্ৰকাশ কৰিছে কংগ্ৰেছৰ এক ঘনিষ্ঠ সূত্ৰই। এইসমূহৰ মাজতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে সেই বিষয়টোৱে এতিয়াও স্পষ্ট হোৱা নাই। দীৰ্ঘদিনীয়া সাংসদ পৰিক্ৰমা ৰাহুলৰ। ২০০৪ চনৰ পৰা বৰ্তমান পৰ্যন্ত এক দীঘলীয়া সময় ধৰি ৰাহুল কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ হৈ আছে। ২৪ ৰ নিৰ্বাচন ৰাহুলে খেলক বা নেখেলক এজন ৰাজনীতিবিদ হিচাপে কিন্তু ৰাহুল যথেষ্ট জনপ্ৰিয় হৈ পৰিছে দেশবাসীৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *