অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NBNEWS, ফেশ্বনঃ অসমৰ ৰেচমী শিল্প বিশ্বৰ বিভিন্ন কোণলৈ প্ৰসাৰ কৰাৰ বাবেই বৰ্তমানৰ ডিজাইনাৰসকলৰ ভিতৰত অন্যতম হৈছে সংযুক্তা দত্ত। সংযুক্তা দত্তই অসমীয়া পাট-মুগাৰ চাদৰ মেখেলাত নিজা ডিজাইন দি দেশ-বিদেশৰ মডেলৰ দ্বাৰা অসমীয়া হস্ততাঁত শিল্পক তুলি ধৰিছে। হেৰাই যাব ধৰা অসমীয়াৰ ৰেচমী শিল্পক পুনৰুদ্ধাৰত সংযুক্তা দত্তৰ বিশেষ ভুমিকা আছে। আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে সংযুক্তা দত্তৰ বিশেষ সপোনটোৱে পোখা মেলিছিল ‘সংযুুক্তা ষ্টুডিঅ’ৰ পৰা। তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সকলোৰে দৃষ্টিও কাঢ়িছে। ১০ বছৰীয়া বৰ্ষপূৰ্তিত সংযুক্তা ষ্টুডিঅ’ত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। সেই অনুষ্ঠানত ভাগ ল’বৰ বাবেই মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হৈছেহি বলীউড অভিনেত্ৰী সংগীতা বিজলানীও। সংযুক্তাৰ এই যাত্ৰালৈ শুভেচ্ছা জ্ঞাপন কৰি বলীউড অভিনেত্ৰী সংগীতা বিজলানীয়েকয় যে, সংযুক্তা বহু মহিলাৰ বাবে অনুপ্ৰেৰণাৰো উৎস।

সংযুক্তাই ডিজাইনিঙক পেছা হিচাপে বাছি লোৱাৰ পূৰ্বে তেওঁ আছিল এগৰাকী ইঞ্জিনীয়াৰ বা অভিযন্তা। ইঞ্জিনীয়াৰিঙৰ ক্ষেত্ৰখনৰ পৰা ডিজানিঙৰ ক্ষেত্ৰলৈ এই যাত্ৰা ইমান সহজো নহয়। সংযুক্তাই বিভিন্ন পৰম্পৰাগত আৰু বিভিন্ন প্ৰিণ্টৰ সংমিশ্ৰণত কাপোৰত ডিজাইন দিয়ে। তেওঁ ডিজাইনিঙৰ বাবে বাছি লয় অসমৰ ৰেচমী কাপোৰক। মেখেলা-চাদৰতেই বিশেষকৈ তেওঁ ডিজাইন দিবলৈ আৰম্ভ কৰে। সংযুক্তাই তাৰপিছত আৰু পিছুৱাই আহিব লগা হোৱা নাই। তেওঁ ডিজাইন কৰা চাদৰ-মেখেলাই সকলোৰে সমাদৰ লাভ কৰিবলৈ ল’লে। তেৱেঁই প্ৰথমগৰাকী অসমীয়া ডিজাইনাৰ যিয়ে Lakme Fashion Week অসমৰ ৰেচমী শিল্পক তুলি ধৰে। কেৱল ভাৰততেই নহয় বহু ফেশ্বন উইকত তেওঁ অংশগ্ৰহণ কৰিছে। বিশেষকৈ FDCI, লণ্ডন ফেশ্বন উইক আৰু শেহতীয়াকৈ সংযুক্তাই নিউৱৰ্ক ফেশ্বন উইকতো অংশগ্ৰহণ কৰিছে।

নিউৱৰ্ক ফেশ্বন উইক ডিজাইনাৰসকলৰ বাবে এনে এক প্লেটফৰ্ম য’ত বিশ্বৰ বিভিন্ন স্থানৰ পৰা ডিজাইনাৰসকল আহি উপস্থিত হয়। তেওঁলোকে নিজা ডিজাইনসমূহ তুলি ধৰে। সেই ফেশ্বন উইকতেই বহুতেই সংযুক্তাই ডিজাইন কৰা কাপোৰৰ প্ৰশংসাও কৰিছে। ইয়াৰোপৰি দেশ বিদেশৰ বহুকেইখন বাতৰি কাকত, মেগাজিনতো সংযুক্তাৰ ডিজাইনৰ চৰ্চা চলিছিল।

উল্লেখ্য যে সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ জিলিকি উঠিছিল কাঁ মহোৎসৱতো। সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ পিন্ধিয়েই ৰেড কাৰ্পেটত খোজ দিছিল কেইবাগৰাকীও জনপ্ৰিয় মডেলে। শেহতীয়াকৈ ২০২৩ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত পেৰিছ ফেশ্বন উইকতো জিলিকি উঠিছিল সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া ৰেচম শিল্প তথা অসমীয়া মহিলাৰ আৱেগ মেখেলা-চাদৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *