‘অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক’, ছৈয়দ মুস্তাক আলী ক্ৰিকেটত অসমীয়াক অপমান

‘অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক’, ছৈয়দ মুস্তাক আলী ক্ৰিকেটত অসমীয়াক অপমান

অসমীয়া
অসমীয়া
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

পুনৰ এক অসমীয়া বিদ্বেষী মন্তব্যই জোকাৰিছে ৰাজ্য। দেশত এদিনীয়া বিশ্বকাপ চলি থকা সময়তে ক্ৰিকেটৰ পথাৰত অসমীয়া খেলুৱৈক লৈ এক ইতিকিং সূচক মন্তব্য কৰা হৈছে। অসম ক্ৰিকেট দলৰ খেলুৱৈসকল ‘দ্বিতীয় শ্ৰেণীৰ নাগৰিক’ বুলি মন্তব্য কৰিছে এগৰাকী ধাৰাভাষ্যকাৰে। ইয়াৰ পাছতেই সৰৱ হৈ উঠিছে ৰাজ্যৰ ক্ৰীড়াজগত তথা নাগৰিক। ঘটনা সন্দৰ্ভত বিচিচিআইক অভিযোগ দাখিল কৰে অসম ক্ৰিকেট সন্থাই।
চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীৰ অসম আৰু বংগৰ মেচৰ মাজতে এগৰাকী ধাৰাভাষ্যকাৰে কৰিছিল এই বিতৰ্কিত মন্তব্য। ৩১ অক্টোবৰত মহালিত অনুস্থিত হৈছিল টুৰ্ণামেণ্টৰ অসম আৰু বংগৰ মাজৰ টি-২০ মেচখন। মেচখনৰ মাজত ধাৰাভাষ্যকাৰ অশোক মালহোট্ৰাই অসম দলৰ খেলুৱৈক উদ্দেশ্য কৰি তেওঁলোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি মন্তব্য কৰে। মালহোট্ৰাই কয়, ‘অসমৰ বিষয়ে মোৰ ভাল লগা কথাটো হ’ল, বেংগলৰ হৈ আমি অসমৰ বিৰুদ্ধে যথেষ্ট মেচ খেলিছো। মই ক’ব বিচাৰিম তেওঁলোক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে… বংগৰ হাতত অনায়াসে পৰাজিত হয়।’

অশোক মালহোট্ৰা


মালহোট্ৰাৰ এই মন্তব্য মুহূৰ্ততে চৰ্চিত হৈ পৰে। সৰৱ হৈ পৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ। তৰংগ গগৈয়ে তাৎক্ষণিকভাবে বিচিচিআইলৈ অভিযোগ সম্বলিত এক পত্ৰ প্ৰেৰণ কৰে। এই সন্দৰ্ভত বিচিচিআইৰ সচিব জয় শ্বাহৰ লগতো আলোচনা কৰা বুলি জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাৰ সভাপতিগৰাকীয়ে। জয় শ্বাহে উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলিও জনায় তৰংগ গগৈয়ে।
লক্ষ্যণীয়ভাবে বংগৰ বিৰুদ্ধে অসমে দুৰ্দান্ত বিজয় সাব্যস্ত কৰা মেচখনত অশোক মালহোট্ৰাই এই অপমানসূচক মন্তব্য আগবঢ়ায়। মেচখনত পোনতে বেটিং কৰি বংগই অসমৰ সমুখত ১৩৯ ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত অসমে ১৩টা বল বাকী থকা অৱস্থাত মাত্ৰ দুটা উইকেট হেৰুৱাই অনায়াসে লক্ষ্য অতিক্ৰম কৰে। অসমৰ হৈ ৰিয়ান পৰাগে আন এক দুৰ্দান্ত অৰ্ধশতকীয় ইনিংছ খেলে। এই বিজয়েৰে অসমে ছৈয়দ মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়।

ৰজস্থান ৰয়েলছৰ প্ৰশংসা


উল্লেখযোগ্য যে, ছৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ান পৰাগ এক বিৰল কৃতিত্বৰ অধিকাৰী হয়। টি-২০ ক্ৰিকেটত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ খেলুৱৈৰ অভিলেখ ৰচে ৰিয়ান পৰাগে। ইয়াৰ পূৰ্বে বীৰেন্দৰ ছেহৱাগ, জচ বাটলাৰ, কামৰান আকমল আৰু হেমিল্টন মাচাকাডজাই টি-২০ ক্ৰিকেটত একেৰাহে ৬টা অৰ্ধশতক অৰ্জন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *