অব্যাহত ‘লাচিত দ্য ৱাৰিয়ৰ’ৰ জয়যাত্ৰা, জিনিলে পুনৰ এক শ্ৰেষ্ঠত্বৰ সন্মান

অব্যাহত ‘লাচিত দ্য ৱাৰিয়ৰ’ৰ জয়যাত্ৰা, জিনিলে পুনৰ এক শ্ৰেষ্ঠত্বৰ সন্মান

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ইটোৰ পাছত সিটো বঁটা জিনি গৈছ পাৰ্থসাৰথী মহন্তৰ ছবি লাচিত দ্য ৱাৰিয়ৰে। পুনৰ এবাৰ শ্ৰেষ্ঠত্বৰ খিতাপ আঁজুৰি আনিলে চুটি ছবিখনে।এইবাৰ পণ্ডিচেৰীত অনুষ্ঠিত ইণ্ডো-ফ্ৰেন্স ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ বঁটা লাভ কৰে লাচিত দ্য ৱাৰিয়ৰে। অসমৰ ছবিজগতৰ বাবে এয়া বাৰুকৈয়ে এক গৌৰৱৰ খবৰ।
শেহতীয়াকৈ বীৰছামুণ্ডা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত লাচিত দ্য ৱাৰিয়ৰে জয় কৰে শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ বঁটা। চেন্নাইত অনুষ্ঠিত বীৰছামুণ্ডা ইণ্টাৰ্নেচনেল ফিল্ম ফেষ্টিভেলত এইবাৰ বিশ্বৰ ১২০০ তকৈও অধিক ছবিয়ে লাভ কৰিছিল প্ৰৱেশ।


আন এক গৌৰৱৰ কথা যে, লাচিত দ্য ৱাৰিয়ৰ ছবিখন এতিয়ালৈ আঠখন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লী, কলকাতা, জয়পুৰৰ উপৰিও মুম্বাইত অনুষ্ঠিত মুম্বাই নৰ্থ-ইষ্ট ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শিত হৈছে। অক্টোবৰ মাহত দিল্লী শ্বৰ্টছ ইণ্টাৰ্নেচনেল ফিল্ম ফেষ্টিভেলতো শ্ৰেষ্ঠ এনিমেশ্যনৰ বঁটা লাভ কৰিছিল লাচিত দ্য ৱাৰিয়ৰে। ইয়াৰ পূৰ্বে ছবিখনে সন্মানীয় চম্বল আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ এনিমেশ্যন ছবি শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰে।
পাৰ্থসাৰথি মহন্তৰ ৰচনা আৰু পৰিচালনাৰ লাচিত দ্য ৱাৰিয়ৰ ছবিখনৰ প্ৰযোজনা মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ। ছবিখনৰ সংগীত ৰূপম তালুকদাৰৰ। লাচিত দ্য ৱাৰিয়ৰৰ সৃজনশীল পৰিচালক অনুপম মহন্ত, কাহিনীকাৰ আৰু চিত্ৰকাৰ হৃষিকেশ বৰা। ছবিখনৰ ভিএফএক্স ৰাতুল দত্তৰ।
আনহাতে, গোৱাত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়াৰ সন্মানীয় ইণ্ডিয়ান পেনোৰামা শিতানলৈও নিৰ্বাচিত হৈছে পাৰ্থসাৰথী মহন্তৰ ছবি লাচিত দ্য ৱাৰিয়ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *